নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে কিছুমান বিষয় ফৰজ তথা বাধ্যতামূলক কৰিছে, গতিকে সেইবোৰৰ ক্ষেত্ৰত তোমালোকে অৱহেলা নকৰিবা বা সেইবোৰক পৰিত্যাগ নকৰিবা। এইদৰে তেওঁ তোমালোকৰ বাবে এটা সীমাৰেখা নিৰ্ধাৰণ কৰিছে, যিয়ে তোমালোকক সেইবোৰ বস্তুৰ পৰা বিৰত ৰাখে, যিবোৰ বস্তুক তেওঁ অপছন্দ কৰে। গতিকে চৰীয়তে নিৰ্ধাৰণ কৰা সীমা অতিক্ৰম কৰা উচিত নহয়। এইদৰে তেওঁ কিছুমান বস্তুক হাৰাম কৰিছে, গতিকে সেইবোৰ তোমালোকে ভক্ষণ নকৰিবা, আনকি সেইবোৰৰ নিকটৱৰ্তীও নহ'বা। ইয়াৰ বাহিৰে তেওঁ যিবোৰ বস্তু সম্পৰ্কে মৌনতা অৱলম্বন কৰিছে, সেয়া হৈছে বান্দাসকলৰ প্ৰতি এক প্ৰকাৰ অনুগ্ৰহ। সেয়ে এইবোৰৰ মৌলিক বিধান হৈছে বৈধ, গতিকে সেইবোৰৰ বিষয়ে অনুসন্ধান নকৰিবা।