নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উক্ত হাদীছটোত কিয়ামতৰ দিনা হ'বলগীয়া অৱস্থাৰ বিৱৰণ দাঙি ধৰিছে যে, সেইদিনা মানুহক কবৰৰ পৰা উঠাই হিচাপ-নিকাচৰ বাবে একত্ৰিত কৰা হ'ব। তেতিয়া সিহঁতৰ অৱস্থা হ'ব নগ্নপদ- ভৰিত কোনো জোতা চেণ্ডেল নাথাকিব, শৰীৰ থাকিব উলংগ, কোনো কাপোৰ বা কোনো আৱৰণ নাথাকিব, তেওঁলোকক উত্থিত কৰা হ'ব খতনাবিহীন অৱস্থাত, যিদৰে মাকৰ পেটৰ পৰা ভূমিষ্ট হোৱাৰ সময়ত আছিল। উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই যেতিয়া এই বিৱৰণ শুনিলে, তেতিয়া তেওঁ আচৰিত হৈ ক'লে: হে আল্লাহৰ ৰাছুল! নাৰী পুৰুষ উভয়ে যদি এই অৱস্থাত থাকে, তেন্তে ইজনে সিজনৰ প্ৰতি লক্ষ্য নকৰিবনে? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক বুজাই ক'লে যে, পুনৰুত্থানৰ পিছত হিচাপ-নিকাচৰ স্থানত এনেকুৱা ভয়ংকৰ ঘটনা সংঘটিত হ’ব যে, মানুহে ইজনে সিজনৰ লজ্জাস্থানৰ প্ৰতি চাবলৈকেও সুযোগ নাপাব – সিহঁতৰ সকলো ধ্যান-ধাৰণা আৰু দৃষ্টি সেই মহা ভয়ংকৰ ঘটনাবোৰৰ ফালেহে কেন্দ্ৰিত হ’ব।