আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, তেওঁ তেওঁৰ মাকৰ স্বামী আবু তালহাৰ ঘৰত মানুহক মদ খুৱাই আছিল, সেই সময়ত তেওঁলোকে ফাঝীখ নামৰ মদ সেৱন কৰি আছিল। এইটো হৈছে পকা আৰু কেঁচা খেজুৰৰ মিশ্ৰিত মদ। ঠিক সেই সময়তে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ঘোষকে ঘোষণা কৰিলে যে, মদ হাৰাম কৰা হৈছে। আনাছে কৈছেঃ এই ঘোষণা শুনি আবু তালহাই মোক ক'লেঃ যোৱা মদৰ পাত্ৰবোৰ ওলোটাই ঢালি পেলাই দিয়াগৈ। মই লগে লগে ওলাই গ'লোঁ আৰু সেই পাত্ৰবোৰ ওলোটাই গোটেই মদ ঢালি পেলালোঁ। সেইদিনা মদীনাৰ গলিয়ে গলিয়ে মদ বৈ গৈছিল। তেতিয়া কিছুমান চাহাবাই কোৱাকুই কৰিলে যে, ইতিপূৰ্বে যিসকল চাহাবা মৃত্যুবৰণ কৰিছে অথচ তেওঁলোকে মদ খাইছিল, তেওঁলোকৰ কি হ'ব? তেতিয়া আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে ইয়াৰ আগতে যিবোৰ পানাহাৰ কৰিছে তাৰ বাবে তেওঁলোকৰ কোনো গুণাহ নহ'ব।" (ছুৰা আল-মায়িদাহঃ ৯৩) অৰ্থাৎ যিসকল মুমিন ব্যক্তিয়ে হাৰাম হোৱাৰ পূৰ্বে মদ সেৱন কৰিছে তথা নিচা জাতীয় বস্তু ভক্ষণ কৰিছে, তেওঁলোকৰ কোনো গুনাহ নহ'ব।