হাদীছটোত নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুমাই উল্লেখ কৰিছে যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্বৰৰ ওচৰতে বহি আছিল। সেই সময়ছোৱাতে তেওঁ এজন ব্যক্তিক কোৱা শুনিলে যে, মই ইছলাম গ্ৰহণ কৰাৰ পিছত এতিয়া যদি হাজীসকলক পানী খুউৱাৰ বাদে আন কোনো আমল নকৰিলেও মোৰ কোনো অসুবিধা নাই। আন এজনে ক'লেঃ মই ইছলাম গ্ৰহণ কৰাৰ পিছত এতিয়া কেৱল মছজিদে হাৰাম আবাদ কৰাৰ বাদে বেলেগ যদি কোনো আমল নকৰোঁ তথাপিও মোৰ একো নহ'ব। আন এজনে ক'লেঃ তোমালোকে যি কৈ আছা, সেইবোৰতকৈ আল্লাহৰ পথত জিহাদ কৰাটোহে বেছি উত্তম। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্বৰৰ ওচৰত এইদৰে তেওঁলোকৰ উচ্চস্বৰে কথা-বতৰা শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁলোকক ধমক প্ৰদান কৰিলে। এইটো আছিল জুমুআৰ দিনা প্ৰথম প্ৰহৰৰ ঘটনা। লগতে তেওঁ ক'লেঃ শুনা! জুমুআৰ পিছত মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গৈ তোমালোকে বিতৰ্ক কৰা এই বিষয়টো সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ পিছত মহান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "হাজীসকলক পানী পান কৰোৱা আৰু মছজিদুল হাৰামৰ তত্বাৱধান কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি, যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে? সিহঁত আল্লাহৰ ওচৰত কেতিয়াও সমান নহয়, আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।" (ছুৰা আত-তাওবা, আয়াতঃ ১৯)