মদীনাত থকা ইয়াহুদীসকলৰ বনু কুৰাইজা আৰু বনু নাজীৰ গোত্ৰই অজ্ঞতা যুগত ইটোৱে সিটোক পৰাস্ত কৰি প্ৰভাৱ বিস্তাৰ কৰিছিল। লগতে উভয় গোত্ৰই এই সিদ্ধান্ত উপনীত হৈছিল যে, যিটো গোত্ৰই প্ৰভাৱ বিস্তাৰ কৰিব সেইটো দলে যদি দুৰ্বল দলৰ কোনো লোকক হত্যা কৰে তেন্তে ইয়াৰ ৰক্তপণ হ'ব পঞ্চাছ অছাক্ব। আনহাতে দুৰ্বল দলৰ কোনোবাই যদি প্ৰভাৱ বিস্তাৰ কৰা দলৰ কাৰোবাক হত্যা কৰে তেন্তে ইয়াৰ ৰক্তপণ হ'ব দ্বিগুণ, এশ অছাক্ব। এক অছাক্ব হৈছে ষাঠি ছা। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ হিজৰত কৰি নহালৈকে সিহঁতে এই নীতিৰ ওপৰতেই প্ৰতিষ্ঠিত আছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগমনৰ পিছত দুয়োটা দলেই দুৰ্বল হৈ পৰিছিল। কিন্তু তেতিয়ালৈকেও নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা নাছিল, আৰু সিহঁতক তেখেতৰ অধীনস্থ কৰা নাছিল। কাৰণ এইটো আছিল হিজৰতৰ প্ৰথম সময়ছোৱা। এই সময়ছোৱাত তেখেতে সিহঁতৰ সৈতে সন্ধিত আছিল। এই সময়ছোৱাতে দুৰ্বল দলৰ এজনে সিহঁতৰ মাজৰ শক্তিশালী দলৰ এজনক হত্যা কৰিলে। সেয়ে শক্তিশালী দলৰ দলপতিয়ে দুৰ্বল দলৰ ওচৰলৈ সংবাদ প্ৰেৰণ কৰিলে যে, তোমালোকে এই হত্যাকাণ্ডৰ ৰক্তপণ হিচাপে এশ অছাক্ব বিনিময় প্ৰেৰণ কৰা যিটো পূৰ্বেই আমাৰ মাজত বুজাবুজি আছিল। তেতিয়া দুৰ্বল দলটোৱে ক'লে যে, দুটা সম্প্ৰদায় যাৰ দ্বীন তথা ধৰ্ম এক, বংশ এক, দেশ এক হোৱা সত্ত্বেও সিহঁতৰ মাজৰ ৰক্তপণ ইজনৰ তুলনাত সিজনৰ ৰক্তপণ কিদৰে অৰ্দ্ধেক হ'ব পাৰে? ইতিপূৰ্বে আমি তোমালোকক যিটো দিছোঁ সেয়া আছিল কেৱল তোমালোকৰ অন্যায়-অত্যাচাৰৰ ফলত আৰু তোমালোকৰ ভয়তহে আমি তোমালোকক দিছিলোঁ। এতিয়া যিহেতু মুহাম্মদৰ আগমন হৈছে, সেয়ে আমি কেতিয়াও এনেকুৱা অন্যায় সহ্য নকৰোঁ। সিহঁতৰ মাজত প্ৰায় যুদ্ধ আৰম্ভ হোৱাৰ উপক্ৰম হয়। ইয়াৰ পিছত সিহঁতে এই মতত উপনীত হয় যে, উভয় পক্ষৰ মাজত মীমাংসা কৰিবলৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক বিচাৰক হিচাপে নিযুক্ত কৰা যাওক। ইয়াৰ পিছত শক্তিশালী দলটোৱে নিজাববীয়াকৈ চিন্তা-চৰ্চাত বহিল, সিহঁতে আলোচনা কৰিলে যে, মুহাম্মদে কেতিয়াও দ্বিগুণ ৰক্তপণৰ পক্ষত ফয়চালা নিদিব। আমাৰ প্ৰতিপক্ষই কোৱা কথাখিনি মিছাও নহয়, কাৰণ আমি সিহঁতৰ ওপৰত অন্যায় অত্যাচাৰ কৰিহে সিহঁতৰ পৰা দ্বিগুণ ৰক্তপণ লৈছিলোঁ। এইখিনি আলোচনাৰ পিছত সিহঁতে এই সিদ্ধান্তত উপনীত হ'ল যে, আমাৰ মাজৰ কাৰোবাক চোৰাংচোৱা হিচাপে প্ৰেৰণ কৰা হওক, সি তাত গৈ খবৰ অনাৰ চেষ্টা কৰিব। যদি মুহাম্মদে আমাৰ পক্ষত ফয়চালা দিয়ে তেন্তে আমি তাক বিচাৰক হিচাপে মানিম, আৰু যদি আমাৰ পক্ষত নিদিয়ে তেন্তে আমি তেওঁক বিচাৰক হিচাপে নামানো। এই পৰামৰ্শ অনুসৰি সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ কেইজন মান মুনাফিকক চোৰাংচোৱা হিচাপে প্ৰেৰণ কৰিলে, যাতে সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মতামত সম্পৰ্কে অনুমান কৰিব পাৰে। যেতিয়া সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বৈঠকত আহি উপস্থিত হ'ল, মহান আল্লাহে অহী অৱতীৰ্ণ কৰিলে আৰু তেওঁৰ ৰাছুলক সেই সকলো ঘটনা সম্পৰ্কে জনাই দিলে আৰু সিহঁতৰ ইচ্ছা সম্পৰ্কেও অৱগত কৰালে। লগতে আল্লাহে পৱিত্ৰ কোৰআনৰ ছুৰা আল-মায়িদাৰ এই আয়াত অৱতীৰ্ণ কৰিলেঃ "হে ৰাছুল! আপুনি সিহঁতৰ বাবে চিন্তিত নহ’ব যিসকলে কুফুৰীৰ ফালে দ্ৰুত গতিত আগুৱাই যায়—যিসকলে মুখেৰে কয়, ‘আমি ঈমান আনিছোঁ’, অথচ সিহঁতৰ অন্তৰে ঈমান পোষণ কৰা নাই..." (ছুৰা আল-মায়িদা: ৪১) এই আয়াতলৈকেঃ "কাৰণ আল্লাহে যিবোৰ বিধান অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে ফয়চালা নকৰে সিহঁতেই হৈছে ফাছিক্ব।" (ছুৰা আল-মায়িদা: ৪৭)। ইয়াৰ পিছত ইবনে আব্বাছে এই দল দুটাৰ বিষয়ে কৈছে: আল্লাহৰ শপত! এই আয়াতবোৰ (বিশেষকৈ) এই দুটা দলক কেন্দ্ৰ কৰিয়ে অৱতীৰ্ণ হৈছিল। “আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিচাৰ মীমাংসা নকৰে, সিহঁতেই হৈছে কাফিৰ।” (ছুৰা আল-মায়িদাঃ ৪৪) ".... আৰু কাফিৰসকলেই হৈছে প্ৰকৃত অন্যায়কাৰী।" (ছুৰা আল-মায়িদাঃ ৪৫) "... সিহঁতেই হৈছে ফাছিক।" (ছুৰা আল-মায়িদাঃ ৪৭) সৰ্বশক্তিমান আল্লাহে এই দুটা সম্প্ৰদায়কে বুজাইছিল।