হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আমাৰ পূৰ্বে অতিবাহিত হোৱা লোকসকলৰ মাজত এনেকুৱা এজন ৰজা আছিল, যাৰ নিজস্ব এজন যাদুকৰ আছিল। সেই যাদুকৰজন যেতিয়া বৃদ্ধ অৱস্থাত উপনীত হ'ল, তেতিয়া ৰজাৰ ওচৰত আহি আবেদন কৰি ক'লেঃ মই বৃদ্ধ হৈ পৰিছোঁ। গতিকে মোৰ ওচৰলৈ এজন যুৱকক প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰক, যাতে মই তাক মোৰ যাদু বিদ্যা শিকাব পাৰোঁ। সেয়ে ৰজাই এজন যুৱকক নিয়োজিত কৰিলে সেই যাদুকৰৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ। যুৱকজন যিটো পথেৰে অহা যোৱা কৰিছিল, সেই পথতে আছিল এজন ধৰ্মযাজক। এবাৰ সেই যুৱকজন ধৰ্মযাজকজনৰ ওচৰত বহিলে আৰু তেওঁৰ কথা শুনিলে। তেওঁৰ কথাবোৰ শুনি যুৱকজন মুগ্ধ হ’ল। সেয়ে যুৱকজন যেতিয়াই যাদুকৰৰ ওচৰলৈ যাবলৈ ওলাই আহিছিল, তেতিয়াই ধৰ্মযাজকজনৰ ওচৰত সময় কটাই বহুতো কথা শিকিছিল। ইপিনে যাদুকৰৰ ওচৰলৈ অহাত পলম হোৱাত যাদুকৰে তাক শাসনমূলক প্ৰহাৰ কৰিছিল। কথাটো সি ধৰ্মযাজকজনক অৱগত কৰিলে। তেতিয়া ধৰ্মযাজকজনে ক'লেঃ যদি যাদুকৰে তোমাক কিবা কয় তেন্তে ক'বাঃ ঘৰত অসুবিধা আছিল কাৰণে পলম হৈছে, আৰু ঘৰৰ মানুহে সুধিলে ক'বাঃ যাদুকৰে পলমকৈ ছুটি দিছে। এই অৱস্থা চলি থকাৰ সময়তে যুৱকজন এদিন এটা প্ৰকাণ্ড জন্তুৰ সন্মুখীন হ’ল, যিটো ৰাস্তাত অৱস্থান কৰি থকাৰ কাৰণে মানুহৰ পথ অৱৰোধ কৰি আছিল। তেতিয়া যুৱকজনে ভাবিলে, আজিয়ে সঠিক সময় এইটো পৰীক্ষা কৰাৰ যে, যাদুকৰ উত্তম নে সেই ধৰ্মযাজকজন উত্তম? এই বুলি যুৱকজনে এটা শিল হাতত তুলি ল'লে আৰু ক'লেঃ হে আল্লাহ! যাদুকৰৰ তুলনাত ধৰ্মযাজকজনৰ বিষয়টো যদি তোমাৰ ওচৰত বেছি প্ৰিয় হয় তেন্তে তুমি এই প্ৰাণীটোক ইয়াৰ দ্বাৰা হত্যা কৰা, যাতে মানুহে অহা যোৱা কৰিব পাৰে। এই বুলি কৈ যুৱকজনে শিলটো দলিয়ালে আৰু লগে লগে প্ৰাণীটো মৃত্যুবৰণ কৰিলে। তেতিয়া যুৱকজন ধৰ্মযাজকজনৰ ওচৰলৈ আহি সম্পূৰ্ণ বিষয়টো বিৱৰি ক'লে। কথাবোৰ শুনি ধৰ্মযাজকে ক'লেঃ হে মোৰ প্ৰিয় শিষ্য! আজি তুমি মোতকৈও উত্তম। মোৰ দৃষ্টিত তুমি চূড়ান্ত পৰ্যায়ত উপনীত হৈছা। শীঘ্ৰেই তুমি পৰীক্ষাৰ সন্মুখীন হ'বা। যদি তুমি পৰীক্ষাৰ সন্মুখীন হোৱা তেন্তে মোৰ নাম উচ্চাৰণ নকৰিবা। ইয়াৰ পিছত সেই যুৱকজন আল্লাহৰ ইচ্ছাত অন্ধ আৰু কুষ্ঠৰোগীসকলক সুস্থ কৰিবলৈ তথা চিকিৎসা কৰিবলৈ ধৰিলে। ইপিনে ৰজাৰ পৰিষদবৰ্গৰ এজন লোকৰ বেমাৰত দৃষ্টিশক্তি নোহোৱা হৈছিল। এই যুৱকজনৰ চিকিসা সম্পৰ্কে গম পাই তেওঁৰ ওচৰলৈ বহুতো উপহাৰ উপঢৌকনলৈ উপস্থিত হ'ল আৰু আহি ক'লেঃ যদি তুমি মোক সুস্থ কৰি তুলিব পাৰা, তেন্তে এই সকলোবোৰ উপহাৰ তোমাৰ। যুৱকজনে ক'লেঃ মই কাকো আৰোগ্য কৰিব নোৱাৰোঁ, বৰং আৰোগ্য কেৱল আল্লাহে দান কৰে। এতেকে যদি আপুনি আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে তেন্তে মই আল্লাহৰ ওচৰত দুআ কৰিম, তেওঁ আপোনাক আৰোগ্য দান কৰিব। ইয়াৰ পিছত তেওঁ আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে, ফলত আল্লাহে তেওঁক শ্বিফা দান কৰে। আৰোগ্য লাভ কৰাৰ পিছত তেওঁ ৰজাৰ বৈঠকত পূৰ্বে যিদৰে অংশগ্ৰহণ কৰিছিল সেইদৰে আহি উপস্থিত হ'ল। ৰজাই তেওঁক দেখি ক'লেঃ তোমাৰ দৃষ্টিশক্তি কেনেকৈ আৰু কোনে ওভোতাই দিলে? তেওঁ ক'লেঃ মোৰ প্ৰতিপালকে ওভোতাই দিছে। তেতিয়া তেওঁ ক'লেঃ মোৰ বাহিৰেও তোমাৰ বেলেগ কোনো প্ৰতিপালক আছে নেকি? তেওঁ ক'লেঃ মোৰ আৰু আপোনাৰ প্ৰতিপালক হৈছে কেৱল আল্লাহ। এই কথা শুনাৰ লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল আৰু শাস্তি বিহা আৰম্ভ কৰা হ'ল। অৱশেষত শাস্তি সহ্য কৰিব নোৱাৰি যুৱকজনৰ বিষয়ে কৈ দিলে। যুৱকজনক উপস্থিত কৰা হ'ল। ৰজাই যুৱকজনক সুধিলেঃ হে যুৱক! তোমাৰ যাদু বিদ্যা ইমান উচ্চ শিখৰ পাইছেনে যে, তুমি অন্ধ আৰু কুষ্ঠৰোগীকো আৰোগ্য কৰিব পাৰা, লগতে এই এই কাম কৰা! যুৱকজনে ক'লেঃ মই কাকো আৰোগ্য প্ৰদান কৰিব নোৱাৰোঁ। বৰং আৰোগ্য কেৱল আল্লাহে প্ৰদান কৰে। এই কথা শুনাৰ পিছত যুৱকজনকো গ্ৰেপ্তাৰ কৰা হ'ল, আৰু যুৱকজনকো অবিৰাম শাস্তি বিহিবলৈ ধৰিলে। শাস্তি সহ্য কৰিব নোৱাৰি যুৱকজনে ধৰ্মযাজকৰ সন্ধান দিলে। ধৰ্মযাজকক উপস্থিত কৰা হ'ল আৰু তেওঁক কোৱা হ'ল যে, তুমি তোমাৰ ধৰ্ম ত্যাগ কৰা। তেওঁ অস্বীকাৰ কৰিলে। ইয়াৰ পিছত এখন কৰত আনিবলৈ কোৱা হ'ল আৰু সেইখন ধৰ্মযাজকৰ মূৰৰ ওপৰত ৰাখি তেওঁৰ মূৰ ফালি পেলালে। ইয়াৰ পিছত ৰজাৰ পৰিষদবৰ্গৰ সেই ব্যক্তিকো উপস্থিত কৰা হ'ল, আৰু তেওঁকো কোৱা হ'ল যে, তুমি তোমাৰ ধৰ্ম ত্যাগ কৰা। তেৱোঁ অস্বীকাৰ কৰিলে। ফলত তেওঁৰ ওপৰতো কৰত ৰাখি তেওঁৰ মূৰ ফালি পেলোৱা হ'ল। ইয়াৰ পিছত যুৱকজনক উপস্থিত কৰা হ'ল আৰু তাকো ধৰ্ম ত্যাগ কৰিবলৈ কোৱা হ'ল, সিও প্ৰত্যাখ্যান কৰিলে। ফলত ৰজাই তাক কেইজন মান লোকৰ হাতত অৰ্পণ কৰিলে, আৰু ক'লেঃ ইয়াকলৈ অমুক পৰ্বতৰ শৃংগত আৰোহণ কৰা, আৰু তাত উঠাৰ পিছত ইয়াক ধৰ্ম ত্যাগ কৰাৰ আদেশ দিবা, যদি সি নিজৰ ধৰ্ম ত্যাগ কৰে তেন্তে একো নকৰিবা আৰু যদি অস্বীকাৰ কৰে, তেন্তে ইয়াক গতিয়াই পেলাই দিবা। তেওঁলোকে তাক লগত লৈ গ'ল আৰু পৰ্বতৰ ওপৰত আৰোহণ কৰিলে। সেই সময়ছোৱাত যুৱকজনে আল্লাহৰ ওচৰত দুআ কৰি ক'লেঃ হে আল্লাহ! তুমি যিদৰে ইচ্ছা, ইহঁতৰ পৰা মোক ৰক্ষা কৰা। লগে লগে পৰ্বত ভয়ংকৰ ৰূপত কঁপিবলৈ ধৰিলে, আৰু সিহঁত আটায়ে বাগৰি পৰিল। ইপিনে যুৱকজন সুৰক্ষিত অৱস্থাত ৰজাৰ ওচৰত আহি উপস্থিত হ'ল। যুৱকজনক দেখি ৰজাই ক'লেঃ তোমাৰ লগৰবোৰ ক'ত? যুৱকজনে ক'লেঃ আল্লাহে মোক সিহঁতৰ পৰা ৰক্ষা কৰিছে। ইয়াৰ পিছত তেওঁ আকৌ কেইজনমান লোকৰ হাতত সেই যুৱকজনক অৰ্পণ কৰিলে, আৰু ক'লেঃ ইয়াক সৰু এখন জাহাজত তুলি সাগৰৰ মাজত লৈ যাবা, যদি সি নিজৰ ধৰ্ম ত্যাগ নকৰে তেন্তে ইয়াক সাগৰত পেলাই দিবা। সিহঁতে কথা মতেই কাম কৰিলে, যুৱকজনক লৈ ৰাওনা হ'ল, তেতিয়া যুৱকজনে আল্লাহৰ ওচৰত দুআ কৰিলে, হে আল্লাহ! তুমি যেনেকৈ ইচ্ছা ইহঁতৰ হাতৰ পৰা মোক ৰক্ষা কৰা। হঠাৎ জাহাজখন ওলটি গ'ল আৰু সিহঁত আটায়ে ডুবি মৰিল আৰু যুৱকজনক ৰক্ষা কৰা হ'ল, যুৱকজন পুনৰ ৰজাৰ ওচৰত আহি উপস্থিত হ'ল। ৰজাই যুৱকজনক দেখি আচৰিত হৈ ক'লেঃ তোমাৰ লগত যোৱা লোকসকল ক'ত? যুৱকজনে ক'লেঃ আল্লাহে মোক সিহঁতৰ পৰা ৰক্ষা কৰিছে। লগতে যুৱকজনে ৰজাক ক'লেঃ আপুনি মোক হত্যা কৰিব নোৱাৰিব, মই যিটো পদ্ধতি আপোনাক শিকাম, সেইটো অবিহনে মোক হত্যা কৰাটো অসম্ভৱ। ৰজাই ক'লেঃ সেইটোনো আকৌ কি পদ্ধতি? যুৱকজনে ক'লেঃ আপুনি এখন ময়দানত লোকসকলক একত্ৰিত কৰক আৰু মোক এটা গছৰ কাণ্ডত ওলমাই ৰাখক, আৰু মোৰ শৰাশ্ৰয়ৰ পৰা এটা শৰ উলিয়াই ধেনুত ৰাখি باسم الله رب الغلام (এই যুৱকৰ প্ৰতিপালক আল্লাহৰ নামত আৰম্ভ কৰিছোঁ) এইটো পাঠ কৰি মোৰ প্ৰতি কাঁড় নিক্ষেপ কৰিব। যদি আপুনি এইটো পদ্ধতি অৱলম্বন কৰে তেতিয়াহে মোক হত্যা কৰিব পাৰিব। এই কথা শুনি ৰজাই সকলোকে একত্ৰিত কৰিলে আৰু যুৱকজনক গছৰ কাণ্ডত ওলমাই ৰাখিলে, আৰু যুৱকজনৰ কঁড়ীয়াৰ পৰা এটা কাঁড় উলিয়াই ধেনুৰ মাজত ৰাখি ক’লেঃ باسم الله رب الغلام (মই আৰম্ভ কৰিছোঁ, আল্লাহৰ নামত যিজন এই যুৱকৰ প্ৰতিপালক) আৰু কাঁড় নিক্ষেপ কৰিলে। ফলত লগে লগে সেই কাঁড়টো গৈ যুৱকজনৰ চকু আৰু কাণৰ মধ্যৱৰ্তী ঠাইক ভেদ কৰিলে। যুৱকজনে নিজৰ হাত সেই ঠাইত স্পৰ্শ কৰাৰ লগে লগে মৃত্যুবৰণ কৰিলে। এই দৃশ্য দেখি উপস্থিত লোকসকলে একে ধ্বনিত কৈ উঠিলঃ آمنا برب الغلام، آمنا برب الغلام، آمنا برب الغلام. ("আমি এই বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ, আমি এই বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ, আমি এই বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ,")। লগে লগে এই সংবাদ ৰজাক জনোৱা হ'ল, আৰু তেওঁক কোৱা হ'ল যে, আপুনি যিটো আশংকা কৰিছিল সেইটোৱে হৈছে। শপত খাই কৈছোঁ, আপুনি যিটো আশংকা কৰিছিল অৰ্থাৎ মানুহে যেন যুৱকজনৰ অনুসৰণ নকৰে কিন্তু এতিয়া সেইটোৱে হৈছে, সকলোৱে যুৱকজনৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছে। তাৰ পিছত, ৰজাই সকলো ৰাস্তাৰ প্ৰৱেশ পথত প্ৰকাণ্ড গাঁত খান্দিবলৈ নিৰ্দেশ দিলে। লগতে সেই গাঁতসমূহত অগ্নি প্রজ্বলিত কৰি বৃহৎ অগ্নিকুণ্ড তৈয়াৰ কৰাৰ নিৰ্দেশ দিলে। লগতে ৰজাই আদেশ দিলে যে, যিয়ে নিজৰ ধৰ্ম ত্যাগ নকৰিব, তাক সেই জ্বলন্ত অগ্নিত নিক্ষেপ কৰিবা। এতেকে কথা মতেই কাম, ৰজাৰ নিৰ্দেশ পালন কৰিবলৈ ধৰিলে। অৱশেষত এজনী মহিলাই নিজৰ কোলাত শিশু এটি থকাৰ কাৰণে জঁপিয়াবলৈ সংকোচবোধ কৰিলে। শিশুক কোলাতলৈ জুইত জঁপিয়াবলৈ অপছন্দ কৰিলে। এই দেখি কোলাত থকা শিশুৱে অলৌকিকভাৱে ক’লে যে, ‘হে মোৰ মা! ধৈৰ্য্য ধাৰণ কৰি জঁপিয়াওক, নিশ্চয় আপুনি সত্যৰ ওপৰত প্ৰতিষ্ঠিত আছে।’