এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ছালাম কৰিলে, "আচ্ছালামু আলাইকুম।" তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ছালামৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহি পৰিল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ এওঁৰ বাবে দহটা নেকী লিপিবদ্ধ কৰা হৈছে। ইয়াৰ পিছত আন এজন ব্যক্তি আহি এইদৰে ছালাম কৰিলেঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ।" তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ছালামৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহি পৰিল। ইয়াৰ পিছত তেখেতে ক'লেঃ এওঁৰ বাবে বিশটা নেকী লিপিবদ্ধ কৰা হৈছে। ইয়াৰ পিছত আন এজন ব্যক্তিয়ে আহি এইদৰে ছালাম কৰিলেঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ।" তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ছালামৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহি পৰিল। ইয়াৰ পিছত তেখেতে ক'লেঃ এওঁৰ বাবে ত্ৰিশটা নেকী লিপিবদ্ধ কৰা হৈছে। অৰ্থাৎ প্ৰতিটো শব্দৰ বিপৰীতে দহটাকৈ নেকী।