নবী চাল্লাল্লাহু আলাইহি অছাল্লাম এটা যুদ্ধৰ ভ্ৰমণত আছিল। তেখেতৰ লগত মুহাজিৰীন আৰু আনচাৰসকল আছিল। এজন মুহাজিৰ ব্যক্তিয়ে এজন আনচাৰী ব্যক্তিৰ নিতম্বত চৰ সোধাইছিল। ইয়াকে কেন্দ্ৰ কৰি কাজিয়াৰ সৃষ্টি হয়। ফলত আনচাৰীয়ে আনচাৰীসকলক সহায়ৰ বাবে চিঞৰি মাতিলে আৰু মুহাজিৰজনে মুহাজিৰীনসকলক চিঞৰি মাতিলে। এই চিঞৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাণত পৰিল। তেখেতে ক'লেঃ এইটো কিহৰ চিঞৰ বাখৰ? উপস্থিত লোকসকলে ক'লেঃ এজন মুহাজিৰ ব্যক্তিয়ে এজন আনচাৰী ব্যক্তিক হাতেৰে প্ৰহাৰ কৰিছে। সেইকাৰণে আনচাৰীয়ে আনচাৰীসকলক আৰু মুহাজিৰজনে মুহাজিৰসকলক চিঞৰি আহ্বান কৰি আছে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে এইবোৰ অজ্ঞতা যুগৰ আচাৰ-আচৰণ পৰিত্যাগ কৰা। কাৰণ এইটো হৈছে অত্যন্ত ঘৃণনীয়, অপ্ৰীতিকৰ আৰু ক্ষতিকৰ। দৰাচলতে অজ্ঞতা যুগত সিহঁতৰ মাজৰ কোনোবাই যেতিয়া পৰাজিত হৈছিল, তেতিয়া নিজৰ সম্প্ৰদায়ক এইদৰে মাতি একত্ৰিত কৰিছিল, যাতে সিহঁতে খৰখেদাকৈ আহি তাৰ পক্ষ লয় আৰু তাক সহায় কৰে, সি অন্যায়কাৰী হওক বা নিৰ্যাতিত, সেইটো চোৱা নাছিল। সিহঁতে মূৰ্খতা আৰু পক্ষপাতিত্বৰ কাৰণে এনেকুৱা কৰিছিল। জাবিৰে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মদীনালৈ হিজৰত কৰি আহিছিল, সেই সময়ত মদীনাত আনচাৰসকলৰ সংখ্যা অধিক আছিল। কিন্তু পৰৱৰ্তী সময়ত মুহাজিৰসকলৰ সংখ্যা অধিক হৈ পৰে। এই ঘটনাক কেন্দ্ৰ কৰি মুনাফিকসকলৰ নেতা আব্দুল্লাহ ইবনে উবাই ইবনে ছুলুলে ক'লেঃ বিষয়টো ইমান পৰ্যায় পাইছেগৈ নে, তেন্তে শুনা! আল্লাহৰ শপত, আমি মদীনালৈ উভতি গৈ আমাৰ মাজৰ সন্মানীয়সকলে -অৰ্থাৎ সি নিজকে আৰু তাৰ সহকৰ্মীসকলক সন্মানীয় বুলি ধাৰণা কৰিছিল- লাঞ্ছিতসকলক -অৰ্থাৎ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক আৰু তেখেতৰ চাহাবাসকলক লাঞ্ছিত বুলি ধাৰণা কৰিছিল- মদীনাৰ পৰা উলিয়াই পঠিয়াম। এই কথা শুনি ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ হে আল্লাহৰ ৰাছুল! মোক অনুমতি দিয়ক, মই এই মুনাফিকৰ ডিঙি কাটি দিওঁ। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তাক এৰি দিয়া। কাৰণ মানুহে যাতে এইটো ক'ব নোৱাৰে যে, মুহাম্মদে নিজৰ অনুসাৰীৰেই শিৰচ্ছেদ কৰি তেজ প্ৰবাহিত কৰে, যদিও সি মুনাফিক, বাহ্যিক অনুসাৰী।