ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ কোনোবাই যেতিয়া আহাৰ কৰে তেতিয়া তেওঁ সোঁহাতেৰে খোৱা উচিত, আৰু কিবা সেৱন কৰিলে সোঁহাতেৰে সেৱন কৰা উচিত। কাৰণ চয়তানে নিজৰ বাওঁ হাতেৰে খায় আৰু সেৱন কৰে।" ছহীহ - (মুছলিম)
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিৰ্দেশ দিছে যে, মুছলিম ব্যক্তিয়ে সোঁহাতেৰে পানাহাৰ কৰিব লাগে আৰু তেখেতে বাওঁ হাতেৰে পানাহাৰ কৰিবলৈ নিষেধ কৰিছে। কাৰণ চয়তানে বাওঁহাতেৰে পানাহাৰ কৰে।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • বাওঁহাতেৰে পানাহাৰ কৰি চয়তানৰ সাদৃশ্যতা অৱলম্বন কৰিবলৈ নিষেধ কৰা হৈছে।
explain-icon

অধিক