হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত বৰ্ণনা কৰিছে যে, তেওঁলোকে যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে কোনো আহাৰ গ্ৰহণত অংশ গ্ৰহণ কৰিছিল, তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰম্ভ নকৰালৈকে তেওঁ সেই খাদ্যত হাত আগবঢ়োৱা নাছিল। এবাৰ তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভোজনত অংশ গ্ৰহণ কৰিছিল, সেই সময়ছোৱাত এজনী কন্যা শিশু দৌৰি আহি (বিছমিল্লাহ নোকোৱাকৈ) খোৱা পাত্ৰত হাত দিব ধৰিলে, এনেকুৱা লাগিছিল যেনিবা তাইক কোনোবাই খেদি পঠিয়াইছে, লগে লগে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাইৰ হাত ধৰি পেলালে। ইয়াৰ পিছত এজন বেদুঈনো এনেকৈ আহিল যেনিবা তাক কোনোবাই ঠেলি পঠিয়াইছে, সিও (বিছমিল্লাহ নোকোৱাকৈ) খাদ্যত হাত দিবলৈ ধৰিলে, লগে লগে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাৰ হাত ধৰি পেলালে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ যদি কোনোবাই আল্লাহৰ নাম নোলোৱাকৈ আহাৰ কৰা আৰম্ভ কৰে, তেন্তে চয়তানে সেই আহাৰত অংশগ্ৰহণ কৰিবলৈ সক্ষম হয়। এই শিশুটোক আনিছে, যাতে ইয়াৰ দ্বাৰা সি নিজেও খাবলৈ সক্ষম হয়। সেয়ে মই তাইৰ হাত ধৰি পেলাইছোঁ। ইয়াৰ পিছত সি বেদুঈনক আনিলে, যাতে তাৰ মাধ্যমত আহাৰ গ্ৰহণত অংশী হ'ব পাৰে, কিন্তু মই তাৰো হাত ধৰি পেলালোঁ। শুনা! শপত সেই সত্ত্বাৰ, যাৰ হাতত মোৰ প্ৰাণ আছে, এই শিশুটোৰ হাতৰ সৈতে চয়তানৰ হাতো মই মোৰ হাতৰ ভিতৰত ধৰি ৰাখিছোঁ। ইয়াৰ পিছত আল্লাহৰ নাম লৈ খোৱা আৰম্ভ কৰিলে।