নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমাজানৰ শেষত ফিতৰা আদায় কৰাটো অনিবাৰ্য্য কৰিছে। ইয়াৰ পৰিমাণ হৈছে এক ছা, অৰ্থাৎ চাৰি মুদ্দ। মুদ্দ কোৱা হয়ঃ এজন মধ্যম পৰ্যায়ৰ সাধাৰণ লোকৰ দুয়ো হাত একেলগ কৰি পোৱা আয়তনক। এই ফিতৰা আদায় কৰিব লাগে প্ৰতিজন মুছলিমৰ ফালৰ পৰা, স্বাধীন হওক বা পৰাধীন, পুৰুষ হওক বা নাৰী, সৰু হওক বা ডাঙৰ। নিজৰ আৰু পৰিয়ালৰ বাবে এদিন আৰু এক ৰাতি অতিবাহিত কৰিব পৰা খাদ্যৰ অতিৰিক্ত থাকিলেই সেই ব্যক্তিয়ে ফিতৰা আদায় কৰিব লাগে। মানুহে ঈদৰ নামাজৰ বাবে ওলাই যোৱাৰ পূৰ্বেই এই ফিতৰা আদায় দিব লাগে।