হাদীছটোত উল্লেখ হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাজ্জাতুল বিদাৰ সময়ত চাদাক্বা বিতৰণ কৰি আছিল, সেই সময়ত দুজন ব্যক্তি আহি উপস্থিত হয়, আৰু তেওঁলোকে সেই চাদাক্বাৰ পৰা অংশ বিচাৰে। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতৰ ফালে দৃষ্টিপাত কৰে আৰু সিহঁতৰ অৱস্থা সম্পৰ্কে অৱগত হয় যে, সিহঁত আচলতেই চাদাক্বা খোৱাৰ উপযুক্ত হয় নে নহয়? তেখেতে দুয়োকে সক্ষম যুৱক হিচাপে দেখি ক'লেঃ যদি তোমালোকে বিচৰা তেন্তে মই তোমালোকক চাদাক্বাৰ ধন দিব পাৰোঁ, কিন্তু যিসকলৰ ওচৰত নিজৰ প্ৰয়োজন পূৰণ কৰিব পৰা ধন আছে, সিহঁতে চাদাক্বা খোৱাৰ যোগ্য নহয়। এইদৰে যিসকলে শ্ৰম কৰি আয় কৰিবলৈ সক্ষম সিহঁতৰো ইয়াত কোনো অংশ নাই। যদিও তাৰ ওচৰত ধনী বুলি গণ্য হ'ব পৰা সম্পদ নাই।