হাদীছটোত উল্লেখ হৈছে যে, ঝিৰ বিন হুবাইশ্ব (ৰাহিমাহুল্লাহে) ছাফৱান ইবনু আচ্ছাল (ৰাদ্বিল্লাহু ‘আনহু)ৰ ওচৰলৈ আহিল আৰু তেওঁক মোজাৰ ওপৰত মছেহ কৰাৰ বিষয়ে সুধিলে। ছাফৱানে ক’লেঃ হে ঝিৰ! কি কাৰণে আহিছা তুমি? ঝিৰে ক’লেঃ ইল্ম অৰ্জনৰ উদ্দেশ্যে আহিছোঁ। তেতিয়া ছাফৱানে ক’লেঃ নিশ্চয় ফিৰিস্তাসকলে ইল্মৰ অন্বেষণকাৰীৰ প্ৰতি সন্তুষ্টি আৰু সন্মান প্ৰকাশ কৰি নিজৰ পাখি মেলি দিয়ে। ইয়াৰ পিছত ঝিৰে ক’লেঃ মোৰ মনত মোজাৰ ওপৰত মছেহ কৰাৰ বিষয়ে এটা খোকোজা আছে, বিশেষকৈ শৌচ-প্ৰস্ৰাৱ কৰাৰ পাছত। যিহেতু আপুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবী, সেয়ে মই এই বিষয়টো জানিবলৈ আপোনাৰ ওচৰলৈ আহিলোঁ। আপুনি এই বিষয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কিবা শুনিছেনে? ছাফৱানে ক'লেঃ হয়। তেখেতে আমাক নিৰ্দেশ দিছিল যে, আমি যেতিয়া ভ্ৰমণত থাকোঁ, তেতিয়া যাতে আমি সৰু নাপাকীৰ ফলত যেনে- শৌচ-প্ৰস্ৰাৱ আৰু টোপনি আদিৰ কাৰণে অজু কৰাৰ সময়ত সৰ্বোচ্চ তিনিদিন পৰ্যন্ত মোজা নোখোলোঁ। কিন্তু গোছল ফৰজ হ'লে নিশ্চয় মোজা খুলিব লাগিব। ইয়াৰ পিছত মই সুধিলোঁঃ আপুনি মুহাব্বত সম্পৰ্কে তেখেতৰ পৰা কিবা শুনিছেনে? তেওঁ ক'লেঃ হয়। আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভ্ৰমণত আছিলোঁ। আমি তেখেতৰ ওচৰতে বহি আছিলোঁ, তেনেতে এজন ব্যক্তিয়ে তেখেতক উচ্চস্বৰে মাতি ক'লেঃ হে মুহাম্মদ। উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও উচ্চস্বৰে ক'লেঃ আহা। আমি সেই ব্যক্তিজনক ক'লোঁঃ হেৰা তুমি কোনো শিষ্টাচাৰ শিকা নাই নেকি, তোমাৰ কণ্ঠস্বৰ নমাই কথা কোৱা, কিয়নো তুমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আছা। কাৰণ তেখেতৰ ওচৰত উচ্চস্বৰে কথা ক'বলৈ নিষেধ কৰা হৈছে। সেই ব্যক্তিজনে প্ৰচণ্ড সুৰত ক'লেঃ আল্লাহৰ শপত! মই নিম্নস্বৰে কথা ক'ব নোৱাৰোঁ। ইয়াৰ পিছত ব্যক্তিজনে ক'লেঃ হে আল্লাহৰ ৰাছুল! যিয়ে পুণ্যৱান লোকসকলক ভাল পায় কিন্তু তেওঁলোকৰ দৰে আমল কৰিব নোৱাৰে, তেনেকুৱা লোকৰ অৱস্থা কি হ'ব। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ কিয়ামতৰ দিনা সেই ব্যক্তি তেওঁলোকৰ সৈতেই থাকিব, যিসকলক তেওঁ ভাল পায়। ঝিৰ ৰাহিমাহুল্লাহে কৈছে যে, ছাফৱান ৰাদ্বিয়াল্লাহু আনহুৱে আমাক ধাৰাবাহিকভাৱে হাদীছ শুনাই আছিল, অৱশেষত তেওঁ তাওবাৰ এটা দুৱাৰৰ কথা উল্লেখ কৰিলে, যিটো শ্বামৰ ফালে অৱস্থিত, এইটোক মহান আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিৰ সময়তে সৃষ্টি কৰিছে। এই দুৱাৰৰ প্ৰশস্ততা ইমানেই বিস্তৃত যে, এজন অশ্বাৰোহী ব্যক্তিয়ে চল্লিশ অথবা সত্তৰ বছৰলৈকে অবিৰামভাৱে গৈ থাকিলেও পাৰ হ'ব নোৱাৰিব। এই দুৱাৰ তেতিয়ালৈকে বন্ধ নহ'ব, যেতিয়ালৈকে সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নহ'ব।