হাদীছটোত হুজাইফা ইবনুল য়ামান ৰাদ্বিয়াল্লাহু আনহুমাই জনাইছে যে, তেওঁ এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিল, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰস্ৰাৱ কৰাৰ ইচ্ছা কৰিলে, তেতিয়া তেখেতে কোনো ঠাই বিচাৰি নাপাই এটা আৱৰ্জনাযুক্ত ঠাইতগৈ উপস্থিত হ'ল, য'ত মানুহে ঘৰৰ ময়লা-আৱৰ্জনা পেলাই স্তুপত পৰিণত কৰিছিল, সেই ঠাইত তেখেতে থিয় হৈ প্ৰস্ৰাৱ কৰিলে। কিন্তু তেখেতে বেছিভাগ সময়তে বহি প্ৰস্ৰাৱ কৰিছিল, এইটোৱে আছিল তেখেতৰ অভ্যাস। তেতিয়া হুজাইফা তেখেতৰ পৰা আঁতৰি গ'ল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ ওচৰ চাপি আহা। হুজাইফা ওচৰ চাপি আহি আহি একেবাৰে তেখেতৰ পিছফালে থিয় দিলে, যাতে তেওঁৰ দ্বাৰা এটা অন্তৰায় সৃষ্টি হয়, যাৰ ফলত কাৰো দৃষ্টি যাতে এই অৱস্থাত তেখেতৰ প্ৰতি নপৰে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰিলে। কিন্তু ভৰি ধোৱাৰ সময়ত তেখেতে মোজা নোখোলাকৈ মোজাৰ ওপৰত মছেহ কৰিলে। আৰবী ভাষাত (خف) খুফ তথা মোজা কোৱা হয়, ভৰিত পৰিধান কৰা বস্তুক, যিটো পাতল চামড়া অথবা অনুৰূপ বস্তুৰে তৈয়াৰ কৰা হয়, কিন্তু এইটো ভৰিৰ সৰুগাঁঠি ঢাকি থকা হ'ব লাগিব।