উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আবু ছুফিয়ানৰ স্ত্ৰী হিন্দ বিন্তে উতবা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত হৈ ক'লেঃ হে আল্লাহৰ ৰাছুল! আবু ছুফিয়ান হৈছে এজন কৃপণ ব্যক্তি, তেওঁ মোক ইমান খিনি খৰচ নিদিয়ে যিখিনি মোৰ আৰু মোৰ সন্তান-সন্ততিৰ বাবে যথেষ্ট হ'ব, কিন্তু মই তেওঁক নজনোৱাকৈ কিছু ধন লৈ লওঁ, এই ক্ষেত্ৰত মোৰ কোনো গুনাহ হ'বনে? তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "হয়, তুমি তোমাৰ বাবে আৰু তোমাৰ সন্তান-সন্ততিৰ বাবে উচিতভাৱে তেওঁৰ সম্পদৰ পৰা ল'ব পাৰা।" ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
explain-icon

ব্যাখ্যা

হিন্দ বিন্তে উতবা ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত তেওঁৰ স্বামী আবু ছুফিয়ান সম্পৰ্কে ক'লে যে, তেওঁ হৈছে এজন কৃপণ তথা সম্পদ লোভী ব্যক্তি। তেওঁ মোক ইমান পৰিমাণ অৰ্থ সম্পদ নিদিয়ে, যাৰ দ্বাৰা মই মোৰ নিজৰ আৰু পৰিয়ালৰ ভৰণ-পোষণ কৰিব পাৰিম। সেয়ে মই গোপনে তেওঁৰ সম্পদৰ পৰা কিছু ধন তেওঁক নজনোৱাকৈ লৈ লওঁ। এনেকুৱা কৰিলে মোৰ কোনো গুনাহ হ'ব নেকি? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তুমি তোমাৰ বাবে আৰু তোমাৰ সন্তানৰ বাবে ইমানখিনি সম্পদ ল'ব পাৰিবা, যিখিনিৰ দ্বাৰা সাধাৰণতে ভৰণ-পোষণ সম্ভৱ হয়, যদিও সেয়া নজনোৱাকৈয়ে লোৱা।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • স্ত্ৰী আৰু সন্তান-সন্ততিৰ ভৰণ-পোষণৰ ব্যৱস্থা কৰা ওৱাজিব (অনিবাৰ্য্য)।
  • ইবনু হাজাৰে কৈছেঃ "خذي من ماله ما يكفيك بالمعروف" (তুমি তেওঁৰ সম্পদৰ পৰা প্ৰয়োজন অনুসাৰে নোকোৱাকৈ ল'ব পাৰা) হাদীছৰ এই বাক্যটোৰ দ্বাৰা তেখেতে বিষয়টোক পৰিস্থিতিৰ ওপৰত এৰি দিছে, চৰীয়তত ইয়াৰ কোনো নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰা হোৱা নাই।
  • ইবনু হাজাৰে কৈছেঃ ইয়াৰ দ্বাৰা এইটোও প্ৰমাণিত হয় যে, অভিযোগৰ বাবে অথবা ফতোৱা তলবৰ উদ্দেশ্যে কোনো মানুহৰ এনেকুৱা বৈশিষ্ট্য উল্লেখ কৰা বৈধ, যিবোৰ অপছন্দনীয়। এইটো এনেকুৱা এটা ক্ষেত্ৰ, য'ত গীবত কৰা বৈধ।
  • কুৰতুবীয়ে কৈছেঃ হিন্দাই আবু ছুফিয়ানক সকলো অৱস্থাতে কৃপণ বুলি উল্লেখ কৰা নাই। বৰং তেওঁ হিন্দা আৰু তেওঁৰ সন্তানৰ সৈতেহে কৃপণালি কৰে। এইটো সকলো অৱস্থাতে কৃপণালি কৰাৰ প্ৰমাণ নহয়। কাৰণ সচৰাচৰ নেতাসকলে নিজৰ পৰিয়ালতকৈ বাহিৰৰ লোককহে বেছি প্ৰাধান্য দিয়ে, যাতে সিহঁতক নিজৰ ফালে আকৰ্ষিত কৰিব পাৰে।