নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত ব্যয়ৰ কেইটামান শিতান উল্লেখ কৰি কৈছে যে, যিটো দীনাৰ তুমি আল্লাহৰ পথত জিহাদৰ বাবে ব্যয় কৰিছা, এইদৰে যিটো দীনাৰ তুমি দাস মুক্ত কৰিবলৈ ব্যয় কৰিছা, আৰু যিটো দীনাৰ তুমি অভাৱী মিছকিনক দান কৰিছা, আৰু যিটো দীনাৰ তুমি নিজৰ পৰিয়ালবৰ্গ তথা সন্তান-সন্ততিৰ ওপৰত ব্যয় কৰিছা, ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, এই সকলোবোৰ শিতানৰ মাজত আল্লাহৰ ওচৰত আটাইতকৈ বেছি ছোৱাব হৈছে সেইটো ব্যয়ৰ যিটো ব্যয় তুমি তোমাৰ পৰিয়ালবৰ্গ আৰু সন্তান-সন্ততিৰ ওপৰত কৰিছা, আৰু যিটো তুমি তোমাৰ প্ৰয়োজন পূৰণ কৰিবলৈ কৰিছা।