ফাতিমা বিন্তে আবি হুবাইশ্ব ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে যে, মোৰ ধাৰাবাহিকভাৱে ৰক্তক্ষৰণ হৈয়ে থাকে, বন্ধ হোৱাৰ নামেই নলয়। অৰ্থাৎ হায়েজৰ বাহিৰে অন্যান্য দিনতো ৰক্তক্ষৰণ হয়ে থাকে। গতিকে এইটোক মই হায়েজ হিচাপে মানি লৈ নামাজ ত্যাগ কৰিব পাৰিমনে? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাইক ক'লে যে, এইটো হায়েজ নহয়, ইস্তিহাজাৰ তেজ। এইটো হৈছে এক প্ৰকাৰ বেমাৰ, যিটো গৰ্ভাশয়ৰ সিৰা ফাটি যোৱাৰ ফলত ওলায়। গতিকে এইটো হায়েজৰ তেজ নহয়। এতেকে ইস্তিহাজা হোৱাৰ আগত যিটো সময়ত সাধাৰণতে তোমাৰ হায়েজ হৈছিল সেই সময়টো যেতিয়া আহিব তেতিয়া তুমি সেই পূৰ্বৱৰ্তী হায়েজ পৰিমাণ দিন গণনা কৰি সেই দিনবোৰত নামাজ ৰোজা ত্যাগ কৰিবা, কাৰণ হায়েজ অৱস্থাত এইবোৰ নিষেধ। যেতিয়া সেই পৰিমাণ দিন পাৰ হ'ব, তেতিয়া তুমি হায়েজৰ পৰা পৱিত্ৰ হোৱা বুলি বিবেচিত হ'বা। গতিকে তুমি তেজ থকা ঠাইটো ভালকৈ ধুই ল'বা আৰু সম্পূৰ্ণ শৰীৰৰ পৰা নাপাকী দূৰ কৰাকৈ পৰিপূৰ্ণৰূপে গোছল কৰি ল'বা আৰু তাৰ পিছত নামাজ পঢ়িবা।