উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰত হাওলা বিন্তে তুৱাইত (ৰাদ্বিয়াল্লাহু আনহা) উপস্থিত আছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সোমাই অহাৰ লগে লগে তাই ওলাই গ'ল। আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই তেখেতক ক'লেঃ এই মহিলাজনীয়ে ৰাতি নুশুৱে, বৰং ৰাতি উজাগৰে থাকি নামাজ পঢ়ে। এই শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাইৰ নিজৰ ওপৰত কৰা এই কঠোৰ আচৰণক নিন্দা কৰি (আশ্চৰ্য্য প্ৰকাশ কৰি) ক'লেঃ তাই ৰাতি নুশুৱে! শুনা তোমালোকে সাধ্য অনুসৰি নিয়মীয়াকৈ সৎকৰ্মসমূহ কৰিবা। আল্লাহৰ শপত! আল্লাহে তেওঁৰ বান্দাহসকলক তেওঁলোকৰ ইবাদত, সৎকৰ্ম আৰু ভাল কামৰ পুৰস্কাৰ দিয়াৰ ক্ষেত্ৰত কেতিয়াও ক্লান্ত নহয়, বৰং সিহঁতে আমল কৰি কৰি এটা সময়ত ক্লান্ত হৈ আমল পৰিত্যাগ কৰে।