আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কোনো পুৰুষে আন কোনো পুৰুষৰ লজ্জাস্থান দেখা উচিত নহয়। এইদৰে কোনো নাৰীয়েও আন কোনো নাৰীৰ লজ্জাস্থান দেখা উচিত নহয়। কোনো পুৰুষে আন কোনো পুৰুষৰ লগত একে কাপোৰ মেৰিয়াই পিন্ধা উচিত নহয়। এইদৰে কোনো নাৰীয়েও আন কোনো নাৰীৰ সৈতে এখন কাপোৰ মেৰিয়াই পিন্ধা উচিত নহয়।" ছহীহ - (মুছলিম)
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত পুৰুষে পুৰুষৰ লজ্জাস্থান দেখিবলৈ নিষেধ কৰিছে। এইদৰে নাৰীকো নাৰীৰ লজ্জাস্থান দেখিবলৈ নিষেধ কৰা হৈছে। আওৰাহ প্ৰত্যেক সেই অংগক কোৱা হয়, যিটো প্ৰকাশ পালে মানুহে লাজ পায়। পুৰুষৰ আওৰাহ হৈছে নাভীৰ পৰা আঠুলৈকে। পৰপুৰুষৰ সন্মুখত নাৰীৰ গোটেই শৰীৰ হৈছে আওৰাহ। আনহাতে কোনো নাৰীৰ সন্মুখত আৰু মাহৰাম পুৰুষৰ সন্মুখত নাৰীয়ে নিজৰ শৰীৰৰ সেইখিনি অংশ প্ৰকাশ কৰিব পাৰে যিখিনি অংশ সাধাৰণতে ঘৰত কাম কৰোঁতে প্ৰকাশ পায়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কোনো পুৰুষক আন কোনো পুৰুষৰ সৈতে একেখন কাপোৰ মেৰিয়াই পিন্ধিবলৈ নিষেধ কৰিছে, অথবা এখন চাদৰ বা কম্বলৰ তলত নগ্ন অৱস্থাত শুৱলৈ নিষেধ কৰিছে। এইদৰে নাৰীসকলকো কোনো নাৰীৰ সৈতে একেখন কাপোৰ মেৰিয়াই পিন্ধিবলৈ নিষেধ কৰিছে। অথবা কোনো চাদৰ বা কম্বলৰ তলত নগ্ন হৈ দুজনী নাৰী একেলগে শুবলৈ নিষেধ কৰিছে। কাৰণ এনেকুৱা কৰিলে ইজনে সিজনৰ আওৰাহ স্পৰ্শ হোৱাটো নিশ্চিত। আনহাতে যিদৰে বেলেগৰ আওৰাৰ পিনে দৃষ্টিপাত কৰা নিষিদ্ধ, সেইদৰে স্পৰ্শ কৰাও নিষিদ্ধ। বৰং তাতকৈও অধিক কঠোৰভাৱে নিষিদ্ধ। কাৰণ ইয়াত ডাঙৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • স্বামী-স্ত্ৰীৰ আওৰাৰ বাহিৰে বেলেগৰ আওৰাৰ (লজ্জাস্থানৰ) প্ৰতি দৃষ্টিপাত কৰা নিষিদ্ধ।
  • ইছলামে সুস্থ আৰু পৱিত্ৰ সমাজ গঢ়াৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিছে, লগতে অশ্লীলতাৰ সকলো দুৱাৰ বন্ধ কৰি দিছে।
  • প্ৰয়োজনত কামভাৱ নোহোৱাকৈ আওৰাৰ প্ৰতি দৃষ্টিপাত কৰা বৈধ, যেনে- চিকিৎসাৰ ক্ষেত্ৰত।
  • মুছলিমসকলক নিজৰ আওৰাহ ঢাকি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে, আৰু আনৰ আওৰাহৰ পৰা দৃষ্টি সংযত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।
  • নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পুৰুষক পুৰুষৰ সৈতে আৰু নাৰীক নাৰীৰ সৈতে উল্লেখ কৰিছে। কাৰণ এই অৱস্থাক মানুহে নিচেই সাধাৰণ বুলি গণ্য কৰি বেলেগৰ সন্মুখত নিজৰ আওৰাহ উন্মুক্ত কৰে আৰু দৃষ্টিপাত কৰে।