জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "আৰব ভূখণ্ডত মুচল্লিসকলে চয়তানৰ ইবাদত কৰাৰ বিষয়ত চয়তান হতাশ হৈ পৰিছে। কিন্তু সিহঁতক উচটনি দিয়াৰ ক্ষেত্ৰত নিৰাশ হোৱা নাই।" ছহীহ - (মুছলিম)
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, ইবলীছ এই বিষয়ত হতাশ হৈ পৰিছে যে, আৰব উপদ্বীপত হয়তো কেতিয়াও মুমিনসকলে তাৰ উপসনাত তথা মূৰ্ত্তি পূজাত লিপ্ত নহ'ব। কিন্তু সি ইয়াৰ চেষ্টা সদায় কৰি থাকিব। লগতে সিহঁতক পৰস্পৰে বিবাদত লিপ্ত হ'বলৈ আৰু বিদ্বেষ তথা শত্ৰুতা পোষণ কৰিবলৈ উচটনি দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। এইদৰে সিহঁতৰ মাজত যুদ্ধ বিগ্ৰহ ফিতনা ফাছাদ আদিৰ চেষ্টা জাৰি ৰাখিব।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • মূৰ্তি আদিৰ পূজা পাঠ কৰা মানেই চয়তানৰ পূজা পাঠ কৰা। কাৰণ চয়তানেই মূৰ্তিপূজাৰ নিৰ্দেশ দিয়ে তথা এই পিনে আহ্বান কৰে। কাৰণ পৱিত্ৰ কোৰআনত মহান আল্লাহে ইব্ৰাহীমৰ বিষয়ে উল্লেখ কৰি কৈছে, তেওঁ তেওঁৰ পিতৃক কৈছিলঃ (হে মোৰ পিতা! আপুনি চয়তানৰ পূজা পাঠ নকৰিব.....)
  • চয়তানে সদায় মুছলিমসকলৰ মাজত ফিতনা ফাছাদ, বিদ্বেষ-শত্ৰুতা আৰু যুদ্ধ আদিৰ সুত্ৰপাত ঘটাবলৈ চেষ্টা কৰে।
  • নামাজৰ অন্যতম এটা উপকাৰ হৈছে এই যে, নামাজৰ দ্বাৰা মুুছলিমসকলৰ মাজত মুহাব্বত সুৰক্ষিত থাকে। লগতে পৰস্পৰৰ মাজত ভাতৃত্বৰ বন্ধন শক্তিশালী হয়।
  • শ্বাহাদাতাইন (দুই সাক্ষ্যদান)ৰ পিছত নামাজ হৈছে ইছলামৰ আটাইতকৈ ডাঙৰ প্ৰতীক। এইকাৰণেই হাদীছটোত মুছলিমসকলক মুচল্লীন বুলি উল্লেখ কৰা হৈছে।
  • অন্যান্য দেশসমূহৰ তুলনাত আৰব উপদ্বীপৰ কেইবাটাও বিশেষ বৈশিষ্ট্য আছে।
  • যদি কোৱা হয় যে আৰৱ উপদ্বীপৰ কিছুমান অংশত আকৌ মূৰ্তি পূজা আৰম্ভ হৈছে, অথচ নবী ﷺ-এ কৈছে যে, 'চয়তান হতাশ হৈ পৰিছে যে, নামাজ পঢ়া মানুহে চয়তানৰ উপাসনা নকৰিব...,' তেন্তে জানি থোৱা, ইয়াৰ অৰ্থ হৈছে এই যে, এই হাদিছটো হৈছে চয়তানৰ হতাশা সম্পৰ্কীয় এটা সংবাদহে। চয়তানে ইছলামৰ বিজয় আৰু দলে দলে মানুহৰ ইছলাম গ্ৰহণৰ বিষয়টো দেখি এই অনুভৱ কৰিছিল। হাদীছটোত চয়তানৰ ধাৰণা আৰু তাৰ আশা-প্ৰত্যাশাৰ কথাহে উল্লেখ হৈছে। কিন্তু বাস্তৱত যি হৈছে, সেয়া আল্লাহৰ ইচ্ছা আৰু তেওঁৰ বিশেষ হিকমত (জ্ঞান আৰু পৰিকল্পনা)ৰ অধীনতহে হৈছে। এইবোৰ হৈছে চয়তানৰ আশা-প্ৰত্যাশাৰ বিপৰীত।