নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, যেতিয়া কোনো মুছলিম অথবা মুমিন ব্যক্তিয়ে অজু কৰে, আৰু অজু কৰাৰ সময়ত যেতিয়া মুখমণ্ডল ধোৱে, তেতিয়া তাৰ মুখমণ্ডলৰ পৰা প্ৰতিটো সৰু গুনাহ পানীৰ সৈতে সৰি পৰে, যিটো সি নিজৰ দুই চকুৰে কৰিছে, অথবা পানীৰ শেষৰ টোপালৰ সৈতে সৰি পৰে। এইদৰে যেতিয়া দুয়ো হাত ধোৱে, তেতিয়া তাৰ দুই হাতৰ পৰা প্ৰতিটো সৰু গুনাহ অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে সৰি পৰে, যিটো গুনাহ সি তাৰ নিজৰ দুহাতেৰে কৰিছিল। এইদৰে সি যেতিয়া নিজৰ দুই ভৰি ধোৱে, তেতিয়া তাৰ দুয়ো ভৰিৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰতিটো গুনাহ সৰি পৰে, যিটো সি নিজৰ ভৰিৰে খোজকাঢ়ি গৈ কৰিছিল। অৱশেষত সেই ব্যক্তি অজু শেষ কৰি প্ৰতিটো সৰু গুনাহৰ পৰা পৱিত্ৰ হৈ ওলাই আহে।