নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক সেই কথা আৰু কৰ্ম পৰিত্যাগ কৰিবলৈ নিৰ্দেশ দিছে, যিটোত সন্দেহ-সংশয় আছে যে, আচলতে সেইটো নিষেধকৃত হয়নে নহয়, অথবা সেইটো হালাল নে হাৰাম। পক্ষান্তৰে সেইটোক গ্ৰহণ কৰিবলৈ কৈছে, যিটোৰ হালাল হোৱাৰ ক্ষেত্ৰত নিশ্চয়তা আছে তথা য'ত কোনো সন্দেহ নাই।