আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ শেষ জামানাত মোৰ উম্মতৰ মাজত এনেকুৱা কিছুমান লোকৰ আৱিৰ্ভাৱ ঘটিব, যিসকলে তোমালোকক এনেকুৱা এনেকুৱা হাদীছ শুনাব যিবোৰ তোমালোকেও শুনা নাই আৰু তোমালোকৰ পূৰ্বপূৰুষেও শুনা নাই। গতিকে তোমালোকে সিহঁতৰ পৰা আঁতৰি থাকিবা আৰু সিহঁতকো তোমালোকৰ পৰা দূৰত ৰাখিবা। ছহীহ - (মুছলিম)
explain-icon

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, শেষ জামানাত তেখেতৰ উম্মতৰ মাজত এনেকুৱা কিছুমান লোকৰ আৱিৰ্ভাৱ ঘটিব, যিসকলে হাদীছৰ নামত মিছা কথা প্ৰচাৰ কৰিব, যিবোৰ কথা পূৰ্বৱৰ্তী কোনেও কোৱা নাছিল। সিহঁতে নিজে হাদীছ গঢ়িব আৰু সেইবোৰ মিছা কথা মানুহৰ মাজত প্ৰচাৰ কৰিব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক এনেকুৱা লোকৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে, লগতে সিহঁতৰ বৈঠকত বহিবলৈ আৰু সিহঁতৰ মিছা প্ৰচাৰ শুনিবলৈ নিষেধ কৰিছে, যাতে সেইবোৰ মিছা হাদীছ আমাৰ অন্তৰত গাঁথি নপৰে, অন্যথা সেইবোৰৰ পৰা ৰক্ষা পোৱা টান হ'ব।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • হাদীছটোত নবুওৱতৰ এটা আলামত নিহিত হৈ আছে। কাৰণ ইয়াত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ভৱিষ্যতত হ'বলগীয়া এটা বিষয় সম্পৰ্কে সংবাদ দিছে, যিটো পৰবৰ্তী সময়ত সেইদৰেই সংঘটিত হৈছে।
  • দ্বীন ইছলাম আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে যিসকলে মিছা প্ৰচাৰ কৰে সিহঁতৰ পৰা আঁতৰি থকা আৰু সিহঁতৰ মিছা প্ৰচাৰ শুনাৰ পৰা বিৰত থকা উচিত।
  • হাদীছৰ শুদ্ধতা প্ৰমাণ নকৰাকৈ গ্ৰহণ কৰা আৰু প্ৰচাৰ কৰাৰ পৰা সতৰ্ক কৰা হৈছে।