উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰিছে যে, তেখেতক যেতিয়া দুটা বস্তুৰ মাজৰ যিকোনো এটা বাছি লোৱাৰ বিকল্প দিয়া হৈছিল তেতিয়া তেখেতে সহজটোক নিৰ্বাচন কৰিছিল, যদিহে সেইটোৰ দ্বাৰা গুনাহ হোৱাৰ সম্ভাৱনা নাই। কিন্তু যদি গুনাহ হোৱাৰ সম্ভাৱনা থাকে তেতিয়া তেখেতে সেইটোৰ পৰা বহু দূৰ আঁতৰি থাকিছিল আৰু কঠিনটোকে গ্ৰহণ কৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও নিজৰ বাবে প্ৰতিশোধ গ্ৰহণ কৰা নাছিল। বৰং তেখেতে ক্ষমা কৰিছিল আৰু মাফ কৰি দিছিল। কিন্তু যদি কোনোবাই আল্লাহৰ সীমাৰেখা লংঘন কৰিছিল, তেতিয়া তেখেত অত্যন্ত ক্ৰোধান্বিত হৈছিল আৰু আল্লাহৰ বাবে প্ৰতিশোধ গ্ৰহণ কৰিছিল।