আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যদি মুমিনসকলৰ ওপৰত - অথবা মোৰ উম্মতৰ ওপৰত- কষ্টকৰ নহ'লহেঁতেন তেন্তে মই তেওঁলোকক প্ৰত্যেক নামাজৰ সময়তে মিছৱাক কৰাৰ নিৰ্দেশ দিলোঁহেঁতেন।" ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মোৰ উম্মতৰ মুমিনসকলৰ ওপৰত কষ্টকৰ হ'ব বুলি যদি আশংকা নাথাকিলহেঁতেন তেন্তে প্ৰত্যেক নামাজৰ সময়তে মই তেওঁলোকক মিছৱাক কৰিবলৈ অনিবাৰ্য্য কৰি দিলোঁহেঁতেন।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • নবী চাল্লাল্লাহু আলাইহি অছাল্লাম উম্মতৰ প্ৰতি অত্যন্ত দয়ালু আছিল আৰু তেওঁলোকৰ প্ৰতিটো কষ্টকলৈ চিন্তিা কৰিছিল।
  • নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতিটো আদেশ হৈছে ওৱাজিব, কেৱল সেইটোৰ বাহিৰে যিটো নফল হোৱাৰ ক্ষেত্ৰত প্ৰমাণ আছে।
  • মিছৱাক কৰা মুস্তাহাব, বিশেষকৈ নামাজৰ সময়ত মিছৱাক কৰা অধিক গুৰুত্বপূৰ্ণ।
  • ইবনু দাক্বীকুল ঈদে কৈছেঃ নামাজৰ সময়ত মিছৱাক কৰাটো মুস্তাহাব হোৱাৰ কাৰণ হৈছে, এইটো হৈছে আল্লাহৰ নৈকট্য অৱলম্বন কৰাৰ সময়। সেয়ে এই সময়ত পৰিষ্কাৰ-পৰিচ্ছন্ন হ'ব লাগে, যাতে ইবাদতৰ মৰ্যাদা প্ৰকাশ হয়।
  • হাদীছটোৰ ব্যাপক অৰ্থৰ ভিতৰত ৰোজাদাৰসকলৰ মিছৱাকো অন্তৰ্ভুক্ত, যদিও সূৰ্য্য ঢাল খোৱাৰ পিছত হয়, যেনে- জোহৰ আৰু আচৰৰ নামাজৰ সময়ত।