কিছুমান চাহাবীয়ে এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে যে, আমি খোৱা বোৱা কৰোঁ কিন্তু আমাৰ পেট নভৰে তথা আমি পৰিতৃপ্ত নহওঁ। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক ক'লেঃ তোমালোকে সম্ভৱতঃ খোৱাৰ সময়ত পৃথকে পৃথকে বহি খোৱা। তোমালোকে প্ৰত্যেকেই অকলশৰীয়াকৈ বহি খোৱা নেকি? তেওঁলোকে ক'লেঃ হয়। তেতিয়া তেখেতে ক'লেঃ শুনা! খোৱাৰ সময়ত একেলগে বহি খাবা, পৃথকে পৃথকে নবহিবা, আৰু খোৱাৰ আগত বিছমিল্লাহ বুলি কৈ খোৱা আৰম্ভ কৰিবা। তেতিয়া আল্লাহে তোমালোকৰ খাদ্যত বৰকত দান কৰিব আৰু তোমালোকে পৰিতৃপ্ত হৈ খাই উঠিবা।