নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছামূদ সম্প্ৰদায়ৰ আৱাসস্থল অতিক্ৰম কৰাৰ সময়ত নিষেধ কৰিছিল যে, যিসকল লোকে নিজৰ ওপৰত অন্যায় কৰাৰ ফলত আল্লাহৰ শাস্তিৰ সন্মুখীন হৈছে, সিহঁতৰ ঘৰত প্ৰৱেশ নকৰিবা অথবা তাত নাযাবা। যদি প্ৰৱেশ কৰিবলগীয়া হয় তেন্তে কান্দি কান্দি শিক্ষা লোৱাৰ উদ্দেশ্যে প্ৰৱেশ কৰিবা। লগতে ভয় কৰিবা যে, সিহঁতৰ ওপৰত যি বিপদ আহিছিল সেই বিপদ যাতে তোমালোকৰ প্ৰতিও নাহে। এই কথা কোৱাৰ পিছত তেখেতে নিজৰ বাহনটোক ধমক প্ৰদান কৰি খেদিলে আৰু সেই অঞ্চলটো দ্ৰুতগতিত অতিক্ৰম কৰিলে।