হাদীছটোত ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ কান্ধত ধৰি কৈছিলঃ তুমি পৃথিৱীত এজন অচিনাকি ব্যক্তিৰ নিচিনাকৈ জীৱন যাপন কৰিবা, যিয়ে বেলেগ কোনো দেশৰ পৰা আহিছে, যাৰ আশ্ৰয় ল'ব পৰা ইয়াত কোনো ঘৰ নাই। যাৰ জীৱন হৈছে অঘৰী লোকৰ দৰে, লগত কোনো পৰিয়াল পৰিজনো নাই, যাৰ কাৰণে সৃষ্টিকৰ্তাৰ পৰা অমনোযোগী হ'বলগীয়া হয়। বৰং ইয়াতকৈ এখোপ আগবাঢ়ি তুমি পথহাৰা ভ্ৰমণকাৰীৰ দৰে জীৱন যাপন কৰিবা, যিয়ে নিজৰ ঘৰৰ সন্ধানত ভ্ৰমণ কৰে। আৰবীত গাৰীব কোৱা হয় বিদেশত অচিনাকি হৈ জীৱন যাপন কৰা আৰু আবিৰু ছাবীল কোৱা হয়, স্বদেশ বিচাৰি কৰা ভ্ৰমণকাৰীক। ভ্ৰমণকাৰীয়ে নিজৰ লগত কেৱল সেইখিনি সম্বল লৈ ফুৰে যিখিনি তেওঁৰ ভ্ৰমণত প্ৰয়োজন, ইয়াতকৈ বেছি একো নলয়। ঠিক সেইদৰে মুমিন ব্যক্তিয়ে নিজৰ প্ৰকৃত গন্তব্যস্থলত যাবলৈ কেৱল ইমানখিনি পাৰ্থিৱ বস্তু আহৰণ কৰিবলৈ চেষ্টা কৰা উচিত যিখিনি তেওঁৰ প্ৰয়োজনীয়। ইবনু ওমৰে এই উপদেশৰ ওপৰত আমল কৰিছিল আৰু তেওঁ কৈছেঃ পুৱাৰ ভাগত উপনীত হ'লে সন্ধিয়াৰ অপেক্ষা নকৰিবা আৰু সন্ধিয়াত উপনীত হ'লে প্ৰভাতৰ কাৰণে অপেক্ষা নকৰিবা। নিজকে কবৰৰ অধিবাসীৰ সৈতে গণনা কৰিবা। কাৰণ বেমাৰ-আজাৰ আৰু সুস্থতাৰ সমষ্টিয়ে হৈছে আয়ু। গতিকে বেমাৰ-আজাৰ হোৱাৰ আগতে সুস্থ অৱস্থাত বেছি বেছি ইবাদত কৰা। এইদৰে অসুস্থ হোৱাৰ আগতে নেক আমলৰ জৰিয়তে সুস্থতাৰ সদ্ব্যৱহাৰ কৰা। পাৰ্থিৱ জীৱনক সৎকৰ্মত নিয়োগ কৰা। ইয়াত কেৱল সেই কাম কৰা যিটোৱে মৃত্যুৰ পিছত তোমাক উপকৃত কৰিব।