নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, আনন্দদায়ক ভাল সপোন হৈছে আল্লাহৰ ফালৰ পৰা প্ৰেৰিত। আনহাতে অপছন্দনীয় চিন্তনীয় বেয়া সপোন হৈছে চয়তানৰ ফালৰ পৰা। এতেকে যদি কোনোবাই এনেকুৱা বেয়া সপোন দেখে তেন্তে তেওঁ বাওঁফালে থু পেলোৱা উচিত, আৰু ইয়াৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত। এনেকুৱা কৰিলে তেওঁৰ কোনো ক্ষতি নহ'ব। মহান আল্লাহে এই পদ্ধতিটোক বেয়া সপোনৰ অনিষ্টৰ পৰা ৰক্ষা পোৱাৰ কাৰণ বনাইছে।