নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যদি মানুহে আজান আৰু নামাজৰ প্ৰথম শাৰীৰত থকা ফজীলত, খাইৰ তথা বৰকত সম্পৰ্কে জানিলেহেঁতেন, তেন্তে সিহঁতে এই সুযোগ লাভ কৰিবলৈ লটাৰি কৰিবলগীয়া হ'লেও কৰিলেহেঁতেন যে, লটাৰিত যাৰ যাৰ নাম ওলাব সিয়ে এই স্থান লাভ কৰিব। এইদৰে সিহঁতে যদি আওৱাল ওৱাক্তৰ ফজীলত সম্পৰ্কে গম পালেহেঁতেন তেন্তে সিহঁতে প্ৰতিযোগিতা কৰিলেহেঁতেন। এইদৰে সিহঁতে যদি ঈশ্বা আৰু ফজৰৰ চালাতত চামিল হোৱাৰ ছোৱাব সম্পৰ্কে অৱগত হ'লহেঁতেন তেন্তে সিহঁতে আগভাগ ল'বলৈ শিশুৰ দৰে চোঁচৰি আহিব লগা হ'লেও আহিলহেঁতেন।