নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিছুমান চাহাবাই সপোনত দেখা পাইছিল যে, লাইলাতুল ক্বদ্ৰ হ'ব ৰমাজান মাহৰ শেষৰ সাত ৰাতিত। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক কৈছিলঃ মই দেখি আছোঁ, ৰমাজানৰ শেষ সাত ৰাতি সম্পৰ্কীয় বিষয়টোত তোমালোকৰ সপোনবোৰ মিলিছে। গতিকে যিয়ে এই ৰাতিটো পাব বিচাৰে তথা এইটো পোৱাৰ বাবে আগ্ৰহী, তেওঁ এই সাতটা ৰাতিত বেছি বেছি নেক আমল কৰা উচিত, কাৰণ এই সাতটা ৰাতিত ইয়াক বিচাৰি পোৱাৰ সম্ভাৱনা অধিক। এতেকে এই ৰাতি আৰম্ভ হয় ৰমাজান মাহৰ চৌবিশ তাৰিখৰ পৰা, যদি ৰমাজান মাহ ত্ৰিছ দিনীয়া হয়। আনহাতে যদি ঊনত্ৰিশ দিনীয়া হয় তেন্তে এইটো আৰম্ভ হয় তেইশ তাৰিখৰ পৰা।