আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে ৰমাজান মাহৰ শেষ দশকৰ বিযোৰ ৰাতিসমূহত লাইলাতুল ক্বদৰ অনুসন্ধান কৰা।" ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লাইলাতুল ক্বদৰ অনুসন্ধানৰ উদ্দেশ্যে বেছি বেছি নেক আমল কৰিবলৈ উৎসাহিত কৰিছে। অৰ্থাৎ প্ৰত্যেক বছৰ ৰমাজান মাহৰ শেষ দহ দিনৰ বিযোৰ ৰাতিসমূহত বেছি বেছি নেক আমল কৰি লাইলাতুল ক্বদৰ অনুসন্ধান কৰিব লাগে। সেয়া হৈছেঃ একৈশ, তেইছ, পঁচিছ, সাতাইশ, আৰু ঊনত্ৰিশ।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • হাদীছটোত লাইলাতুল ক্বদৰৰ ফজীলত বৰ্ণিত হৈছে, আৰু ইয়াৰ অনুসন্ধানৰ প্ৰতি উৎসাহিত কৰা হৈছে।
  • মহান আল্লাহে তেওঁৰ হিকমত আৰু ৰহমতৰ জৰিয়তে এই ৰাতিটোক গোপন ৰাখিছে, যাতে মানুহে এইটো পাবলৈ ইবাদতত অধিক মনোযোগ দিয়ে, লগতে যাতে তেওঁলোকৰ ছোৱাব বৃদ্ধি হয়।
  • ৰমাজানৰ শেষ দশকত আছে লাইলাতুল ক্বদৰ, বিশেষকৈ বিযোৰ ৰাতিসমূহত।
  • লাইলাতুল ক্বদৰ হৈছে ৰমাজানৰ শেষ দহ দিনৰ যিকোনো এটা ৰাতিত। যিটো ৰাতিত সৰ্বশক্তিমান আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে। সেই কাৰণে বৰকত আৰু মহত্বৰ দিশত তথা নেক আমলৰ প্ৰভাৱৰ দিশৰ পৰা এই ৰাতিটো হৈছে এহেজাৰ মাহতকৈও উত্তম।
  • (ليلة القدْر) এই ৰাতিটোৰ নাম হৈছে লাইলাতুল ক্বদ্ৰ, আৰবীত দাল আখৰৰ ওপৰত ছুকুনৰ সৈতে পঢ়িব লাগে। ইয়াৰ এটা অৰ্থ হৈছে সন্মানীয়, যেনে কোৱা হয় فلان عظيم القدر অমুক ব্যক্তিজন মহা সন্মানীয় ব্যক্তি। ইয়াত লাইলা শব্দটোক বিশেষণৰ সৈতে সম্পৃক্ত কৰা হৈছে, গতিকে লাইলাতুল ক্বদ্ৰৰ অৰ্থ হ'ব, সন্মানীয় ৰাতি, অৰ্থাৎ এই ৰাতিটোৰ সন্মান তথা মৰ্যাদা অনেক। যেনে পৱিত্ৰ কোৰআনত আল্লাহে কৈছেঃ ﴿ إِنَّا أَنْزَلْنَاهُ فِي لَيْلَةٍ مُبَارَكَةٍ ﴾ [الدخان: 3] অৰ্থঃ নিশ্চয় আমি এইখন অৱতীৰ্ণ কৰিছোঁ বৰকতময় ৰাতিত। (ছুৰা আদ-দুখানঃ ৩) ইয়াৰ আন এটা অৰ্থ হৈছে তাক্বদীৰ। তেতিয়া ইয়াৰ অৰ্থ হব, এনেকুৱা এটা ৰাতি যি ৰাতিত বছৰটোত হ'বলগীয়া অৱস্থা তথা কাৰ্যপন্থা নিৰ্ধাৰণ কৰা হয়। ﴿ فِيهَا يُفْرَقُ كُلُّ أَمْرٍ حَكِيمٍ ﴾ [الدخان: 4] অৰ্থঃ "সেই ৰাতিত প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত স্থিৰ কৰা হয়।" (ছুৰা আদ-দুখানঃ ৪)
explain-icon

অধিক