উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰা হ'ল যে, ঘৰৰ ভিতৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অৱস্থা কি আছিল, তেখেতে কি কামত ব্যস্ত থাকিছিল? ইয়াৰ উত্তৰত তেওঁ ক'লেঃ তেখেত মানুহৰ দৰেই এজন মানুহ আছিল, পুৰুষসকলে ঘৰত যি যি কৰে, তেখেতেও তাকেই কৰিছিল। তেখেতে নিজৰ কামৰ লগতে ঘৰৰ কামতো সহযোগ কৰিছিল। ছাগলীৰ গাখীৰ খিৰাইছিল, নিজৰ কাপোৰ নিজে চিলাই কৰিছিল, নিজৰ জোতা নিজে মেৰামতি কৰিছিল, বাল্টি বাচন বৰ্তন নিজে তালি লগাইছিল। যেতিয়া নামাজৰ ইকামত হৈছিল, তেতিয়া তেখেতে অকণো পলম নকৰাকৈ লগে লগে ওলাই গৈছিল।