হাদীছটোত উমাইমাহ বিন্তে ৰুক্বাইকা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, তেওঁ আনচাৰী কেইজনীমান নাৰীৰ সৈতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এই বিষয়ে বাইআত কৰিবলৈ আহিছিল যে, তেওঁলোকে আল্লাহৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিব, চুৰি কাৰ্য্যত লিপ্ত নহ'ব, জিনা নকৰিব, কাৰো প্ৰতি মিছা অপবাদ নিদিব, আৰু কোনো সৎকৰ্মত তেখেতৰ অবাধ্যতা নকৰিব। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ তোমালোকে এইবোৰ নিজৰ সামৰ্থ আৰু সাধ্যানুযায়ী কৰিবা। তেতিয়া তেওঁলোকে কৈছিলঃ আল্লাহ আৰু তেওঁৰ ৰাছুল আমাৰ ওপৰত অত্যন্ত দয়াশীল। হে আল্লাহৰ ৰাছুল! আহক, আমি হাত মিলাওঁ অৰ্থাৎ মুচাফাহা কৰোঁ, যিদৰে পুৰুষসকলৰ সৈতে মুচাফাহা কৰা হয়। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ মই নাৰীৰ সৈতে মুচাফাহা নকৰোঁ। মোৰ কথা আৰু বাইআত এশজনী নাৰীৰ বাবে যেনেকুৱা, এজনী নাৰীৰ ক্ষেত্ৰতো তেনেকুৱাই।