এজন বেদুঈন (গাঁৱলীয়া আৰবীয়ান ব্যক্তি) জুমুআৰ দিনা মছজিদে নবৱীৰ পশ্চিমফালৰ দুৱাৰেৰে মছজিদত প্ৰৱেশ কৰিলে, এই দুৱাৰটো ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ঘৰৰ ফালে আছিল। সেই সময়ছোৱাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে খুতবা দি আছিল। ব্যক্তিজনে সোমাই আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত থিয় হৈ ক'লেঃ হে আল্লাহৰ ৰাছুল! জীৱ-জন্তুবোৰ ধ্বংস হোৱাৰ উপক্ৰম হৈছে, ৰাস্তাঘাটৰ অৱস্থা নিমাওমাও হৈ পৰিছে, মানুহৰ ঘৰচীয়া পশুবোৰ মৰিবলৈ আৰম্ভ কৰিছে অথবা ভোক পিয়াহত দুৰ্বল হৈ পৰিছে। গতিকে আপুনি আল্লাহৰ ওচৰত আমাৰ বাবে বৰষুণ বিচাৰি দুআ কৰক এই শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দুয়ো হাত উত্তোলন কৰি ক'লেঃ হে আল্লাহ! আমাৰ ওপৰত পানী বৰ্ষণ কৰা, হে আল্লাহ! আমাৰ ওপৰত পানী বৰ্ষণ কৰা, হে আল্লাহ! আমাৰ ওপৰত পানী বৰ্ষণ কৰা। আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ আল্লাহৰ শপত! সেই সময়ত আকাশত এটুকুৰাও মেঘ নাছিল। আমি অৱস্থান কৰা মছজিদৰ আৰু মছজিদৰ পশ্চিমফালে অৱস্থিত ছিলা পাহাৰৰ মধ্যৱৰ্তী স্থানত চাবলৈ বাধা হ'ব পৰা কোনো ঘৰ দুৱাৰো নাছিল। সাধাৰণতে সেই ফালৰ পৰাই মেঘ আহিছিল। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ ইয়াৰ পিছত সেই পাহাৰৰ পিছফালৰ পৰা এটুকুৰা গোলাকাৰ মেঘ উৰি আহিল, যিটোৰ আকাৰ আছিল ঢালৰ নিচিনা সৰু। সেই মেঘ টুকুৰা মদীনাৰ আকাশৰ মাজত আহি বিয়পি পৰিল আৰু লগে লগে বৰষুণ আৰম্ভ হৈ গ'ল। আল্লাহৰ শপত! এই বৰষুণৰ ফলত আমি পৰৱৰ্তী জুমুআ পৰ্যন্ত সূৰ্য্য দেখা পোৱা নাছিলোঁ। পৰৱৰ্তী জুমুআৰ দিনা তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে খুতবা দি আছিল, সেই সময়ছোৱাতে এজন ব্যক্তি সোমাই আহে আৰু তেখেতৰ সন্মুখত আহি কয় যে, হে আল্লাহৰ ৰাছুল! জীৱ-জন্তু ধ্বংস হ'বলৈ ধৰিছে, ৰাস্তা-ঘাট বন্ধ হৈ পৰিছে, আপুনি আল্লাহৰ ওচৰত দুআ কৰক, এই বৰষুণ যাতে বন্ধ হয়। বৰ্ণনাকাৰীয়ে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুয়ো হাত উত্তোলন কৰি এই বুলি দুআ কৰিলেঃ হে আল্লাহ! আমাৰ চাৰিওফালে বৰষুণ দিয়া, আমাৰ ওপৰত নহয়। হে আল্লাহ! ওখ ওখ ঠাইবোৰত বৰষুণ দিয়া, সৰু সৰু পাহাৰবোৰত বৰষুণ দিয়া, উপত্যকাবোৰত বৰষুণ দিয়া আৰু গছ পুলি গজিব পৰা ঠাইত বৰষুণ দিয়া। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এই দুআৰ লগে লগে বৰষুণ বন্ধ হৈ পৰিল আৰু আমি ৰ'দৰ মাজত ঘৰলৈ উভতিলোঁ।