আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ কোনোবাই যেতিয়া ইমামৰ আগত মূৰ তোলে, তেতিয়া সি ভয় নকৰে নেকি যে, আল্লাহে হয়তো তাৰ মূৰটো গাধৰ মূৰৰ দৰে কৰিব পাৰে অথবা তাৰ আকৃতি গাধৰ আকৃতিৰ দৰে কৰি দিব পাৰে।" ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})