যেতিয়া তোমালোকৰ মাজৰ কোনোবাই চালাতত উপস্থিত হয় আৰু ইমাম নিজৰ অৱস্থাত থাকে, যেনে থিয় বা ৰুকূ নাইবা ছাজদাহ অথবা বহা অৱস্থাত থাকে, সেই ব্যক্তিয়েও ইমামৰ অনুসৰণ কৰা উচিত, অৰ্থাৎ থিয় হৈ থাকিলে থিয় হব লাগে আৰু ৰুকু অথবা ছাজাদত থাকিলে সেইটোৱে কৰা উচিত। ছাজদাহ অথবা ৰুকুৰ পৰা ইমাম থিয় হোৱাৰ অপেক্ষা কৰিব নালাগে, যিদৰে কিছুমানক এইদৰে অপেক্ষা কৰা দেখা যায়।