যুদ্ধাসকলৰ মাজত থকা ভিন ভিন উদ্দেশ্য সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰা হৈছিল যে, যিয়ে বীৰত্ব দেখুৱাবলৈ যুদ্ধ কৰে, অথবা বংশ মৰ্যাদা ৰক্ষা কৰিবলৈ যুদ্ধ কৰে নাইবা মানুহৰ মাজত নিজৰ অৱস্থান দেখুৱাবলৈ যুদ্ধ কৰে বা ইয়াৰ বাহিৰে অন্যান্য যিবোৰ কাৰণত মানুহে যুদ্ধ কৰে, সেইবোৰৰ মাজত কোনটোক আল্লাহৰ পথত কৰা যুদ্ধ হিচাপে গণ্য কৰা হ'ব? ইয়াৰ উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, আল্লাহৰ পথৰ যুদ্ধা হৈছে সেই ব্যক্তি, যিয়ে আল্লাহৰ কলিমাক সুউচ্চ কৰিবলৈ যুদ্ধ কৰে।