হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুছলিমসকলক ভয় দেখুৱাবলৈ বা তেওঁলোকৰ সম্পদ আদি লুটপাত কৰিবলৈ তেওঁলোকৰ ওপৰত অস্ত্ৰ ধাৰণ কৰাৰ পৰা সতৰ্ক কৰিছে। যিয়ে অন্যায়ভাৱে এইটো কৰিব, সি মহা অপৰাধ কৰিব, লগতে সি এই কাবীৰাহ গুনাহৰ চিকাৰ হৈ কঠোৰ শাস্তিৰ সন্মুখীন হ'ব।