হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, যিয়ে নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা মানুহক সত্য তথা কল্যাণৰ পথ দেখুৱাব, তেওঁ সেই পথত পৰিচালিত লোকসকলৰ সমপৰিমাণ ছোৱাব লাভ কৰিব আৰু তেওঁলোকৰ ছোৱাবো হ্ৰাস নহ'ব। ইয়াৰ বিপৰীতে যিয়ে নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা মানুহক কোনো বেয়া কৰ্ম, গুনাহ তথা হাৰাম পথ দেখুৱাব, সি সেই পথত পৰিচালিত হোৱা লোকসকলৰ সমপৰিমাণ গুনাহৰ অধিকাৰী হ'ব, লগতে অনুসাৰীসকলৰ গুনাহো কম কৰা নহ'ব।