নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই হাদীছটোত সংবাদ দিছে যে, যি ব্যক্তিয়ে কোনো কাফিৰ অথবা ফাছিক নাইবা পূণ্যৱান কোনো সম্প্রদায়ৰ অনুসৰণ তথা অনুকৰণ কৰিব- অৰ্থাৎ সিহঁতৰ আক্বীদা অথবা ইবাদত নাইবা চাল-চলন ইত্যাদি বৈশিষ্ট্য ধাৰণ কৰিব, সি সিহঁতৰেই অন্তৰ্ভুক্ত বুলি বিবেচিত হ'ব। কিয়নো বাহ্যিক অনুসৰণ-অনুকৰণেই দৰাচলতে অভ্যন্তৰীণ তথা আন্তৰিক অনুসৰণ-অনুকৰণ কৰিবলৈ উৎসাহিত কৰে। নি:সন্দেহে কোনো সম্প্রদায়ৰ অনুসৰণ সিহঁতৰ প্রতি আকৃষ্ট হোৱাৰ পিছতহে কৰা হয়। কেতিয়াবা কেতিয়াবা সিহঁতৰ প্রতি ভালপোৱা আৰু সিহঁতক কৰা সন্মানে সিহঁতৰ ওচৰত শিৰ নত কৰায়। এইবোৰেই মানুহক সাদৃশ্য গ্ৰহণ কৰিবলৈ আকৃষ্ট কৰে, অৱশেষত অভ্যন্তৰীণ আৰু ইবাদতৰ ক্ষেত্ৰতো সাদৃশ্যতা গ্ৰহণ কৰে। এনেকুৱা সাদৃশ্য গ্ৰহণৰ পৰা আমি আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰিছোঁ।