উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাল্লাহু আলাইহি অছাল্লামক কেতিয়াও আলজিভা দেখিব পৰাকৈ উচ্চ স্বৰত হাঁহি থকা দেখা নাই। বৰং তেখেতে সদায় মিচিকিয়া হাঁহিছিল। ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
explain-icon

ব্যাখ্যা

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও ইমান উচ্চ স্বৰত হঁহা নাছিল যে, তেখেতৰ আলজিভা দেখা গৈছিল। অৰ্থাৎ মুখৰ ভিতৰত জিভাৰ ঠিক পিছফালে ডিঙিৰ ওপৰ ভাগৰ পৰা ওলমি থকা মঙহৰ এক সৰু অংগক আলজিভা বুলি কোৱা হয়। বৰং তেখেতে সদায় মিচিকিয়া হাঁহিছিল।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া সন্তুষ্ট হৈছিল বা কোনো বস্তুক দেখি আনন্দ পাইছিল, তেতিয়া তেখেতে মিচিকিয়া হাঁহিছিল।
  • ইবনে হাজাৰে কৈছেঃ (ما رأيته مُستجْمِعًا) হাদীছটোৰ এই বাক্যটোৰ অৰ্থ হৈছে, মই তেখেতক কেতিয়াও এনেকৈ হঁহা দেখা নাই যে, তেখেত সম্পূৰ্ণৰূপে হাঁহিত ব্যস্ত হৈ পৰিছে আৰু জোৰে জোৰে হাঁহিছে, যেনিবা সম্পূৰ্ণৰূপে হাঁহিত মনোনিৱেশ কৰিছে।
  • অধিক হঁহা আৰু বৰকৈ মুখ মেলি উচ্চস্বৰে হঁহাটো পুণ্যৱানসকলৰ বৈশিষ্ট্য নহয়।
  • অত্যাধিক হাঁহিয়ে ভাতৃসকলৰ মাজত মানুহৰ গাম্ভীৰ্য্যতা আৰু সন্মান লাঘৱ কৰে।
explain-icon

অধিক