নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বতাহক গালি দিবলৈ অথবা অভিসম্পাত কৰিবলৈ নিষেধ কৰিছে। কাৰণ বতাহ তাৰ সৃষ্টিকৰ্তাৰ নিৰ্দেশতহে প্ৰবাহিত হয়। বতাহৰ জৰিয়তে ৰহমত আৰু শাস্তি আদি প্ৰবাহিত হৈ আহে। গতিকে বতাহক গালি দিয়া মানে বতাহৰ সৃষ্টিকৰ্তাক গালি দিয়া বুজায় আৰু তেওঁৰ সিদ্ধান্তৰ প্ৰতি অসন্তুষ্ট হোৱা বুজায়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰিবলৈ উপদেশ দিছে যে, ইয়াৰ সৃষ্টিকৰ্তাৰ ওচৰত ইয়াৰ কল্যাণ কামনা কৰা, তথা ইয়াৰ মাজত থকা কল্যাণ প্ৰাৰ্থনা কৰা, লগতে ইয়াক যিটো উদ্দেশ্যে প্ৰেৰণ কৰা হৈছে তাৰ কল্যাণ কামনা কৰা, যেনে- বৰষুণ তথা মেঘমালাৰ স্থানান্তৰ আদিৰ বাবে। ইয়াৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা, আৰু ইয়াৰ মাজত থকা অনিষ্টৰ পৰা আল্লাহৰ আশ্ৰয় বিচৰা। লগতে ইয়াক যিটো অনিষ্টৰ বাবে প্ৰেৰণ কৰা হৈছে, যেনে- খেতি-পথাৰ বিনষ্ট কৰিবলৈ, গছ-গছনি আৰু জীৱ-জন্তু ধ্বংস কৰিবলৈ আৰু ঘৰ-দুৱাৰ ধ্বংস কৰিবলৈ- সেই অনিষ্টৰ পৰা আল্লাহৰ আশ্ৰয় বিচৰা। এইদৰে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি আল্লাহৰ ইবাদত বাস্তৱায়ন কৰা হয়।