হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পানাহাৰ কৰাৰ পিছত আল্লাহৰ প্ৰশংসা কৰিবলৈ উৎসাহিত কৰিছে। মহান আল্লাহৰ সহায়-সহযোগিতা অবিহনে এই আহাৰ প্ৰস্তুত কৰা আৰু ভক্ষণ কৰাৰ মোৰ কোনো শক্তি সামৰ্থ নাছিল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সুসংবাদ দিছে যে, যিয়ে এই দুআটো পাঠ কৰিব তেওঁ আল্লাহৰ মাগফিৰাত তথা ক্ষমাৰ পাত্ৰ হ'ব। তেওঁৰ অতীতৰ সকলো সৰু গুনাহ ক্ষমা কৰি দিয়া হ'ব।