নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নাম, তেখেতৰ উপনাম, বা তেখেতৰ বিষয়ে শুনাৰ পিছতো যিয়ে তেখেতৰ ওপৰত দৰূদ পাঠ নকৰে, তেনেকুৱা ব্যক্তিক তেখেতে সতৰ্ক কৰিছে আৰু কৈছেঃ সি হৈছে প্ৰকৃত তথা পূৰ্ণাংগ কৃপণ, যিয়ে তেখেতৰ বিষয়ে শুনাৰ পিছতো দৰূদ পাঠ নকৰে। কেইবাটাও প্ৰকাৰে কৃপণ যেনেঃ প্ৰথমঃ কৃপণ এই কাৰণে যে, দৰূদ পাঠ কৰিলে তাৰ কোনো ক্ষতি নহয়, তথা কোনো টকাও ব্যয় নহয়, আনকি কষ্টও কৰিবলগীয়া নহয়, তথাপিও সি নপঢ়ে, সেইকাৰণে কৃপণ। দ্বিতীয়ঃ ইয়াৰ ফলত সি নিজৰ ওপৰতে কৃপনালি কৰে, কাৰণ সি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পাঠৰ ছোৱাবৰ পৰা বঞ্চিত হয়। কিয়নো সি কৃপনালি কৰি দৰূদ পাঠ কৰা নাছিল আৰু হক আদায় কৰা নাছিল, লগতে তেখেতৰ নিৰ্দেশ পালন কৰা নাছিল, যিটো পালন কৰিলে ছোৱাব পোৱা যায়। তৃতীয়ঃ দৰূদ পাঠ কৰিলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হক আদায় কৰা হয়। তেখেতেই আমাক দ্বিন শিকাইছে আৰু নিৰ্দেশনা দিছে। তেখেতেই আমাক আল্লাহৰ প্ৰতি আহ্বান কৰিছে, আমাৰ ওচৰলৈ অহীৰ বাৰ্তা আনিছে, আল্লাহৰ পিছত এইটোৱে হৈছে আমাৰ হিদায়তৰ কাৰণ। গতিকে যিয়ে তেখেতৰ প্ৰতি দৰূদ পাঠ নকৰে, সি নিজৰ ওপৰতে কৃপনালি কৰে। লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হক আদায়ৰ ক্ষেত্ৰত কৃপনালি কৰে।