কোনো মুছলিমৰ অধিকাৰ খৰ্ব কৰিবলৈ জানি বুজি মিছা শপত খাবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে। কাৰণ ইয়াৰ ফলত ব্যক্তি জাহান্নামৰ উপযুক্ত হয় আৰু জাহান্নামৰ পৰা বঞ্চিত হয়। এইটো হৈছে কাবীৰাহ গুনাহ বা মহাপাপ। এই কথা শুনি এজন ব্যক্তিয়ে সুধিলে, হে আল্লাহৰ ৰাছুল! যদি সৰু সুৰা কোনো বস্তুৰ কাৰণে এনেকুৱা কৰিছে তেন্তে ইয়াৰ বিধান কি? তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যদি আৰাক গছৰ ডালেৰে বনোৱা এটা মিছৱাকৰ সমান বস্তুও হয় তথাপিও সেই একেই শাস্তি বিহা হ'ব।