আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে হজ্জ আৰু ওমৰাহ বাৰে বাৰে কৰিবা, কিয়নো ইয়াৰ ফলত দৰিদ্ৰতা দূৰ হয় আৰু গুনাহ মোচন হয়, যিদৰে জুইশালত লোহা, সোণ আৰু ৰূপ উত্তপ্ত কৰিলে মামৰ গুচি যায়। হজ্জে মাবৰূৰৰ (যি হজ্জত কোনো ধৰণৰ গুনাহ কৰা হোৱা নাই।) ছোৱাব হৈছে কেৱল জান্নাত।" ছহীহ - رواه الترمذي والنسائي وأحمد
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সক্ষম অনুযায়ী হজ্জৰ পিছত হজ্জ আৰু ওমৰাৰ পিছত ওমৰাহ কৰিবলৈ উৎসাহিত কৰিছে, কাৰণ এই দুটা ইবাদতৰ ফলত দৰিদ্ৰতা দূৰ হয় আৰু গুনাহ মোচন হয় আৰু ইয়াৰ প্ৰভাৱ অন্তৰত পৰে। যিদৰে জুইত লোহা উত্তপ্ত কৰিলে মামৰ গুচি যায়।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • হাদীছটোত হজ্জ আৰু ওমৰাহ বাৰে বাৰে কৰাৰ ফজীলত বৰ্ণিত হৈছে, আৰু ইয়াৰ প্ৰতি উৎসাহিত কৰা হৈছে।
  • হজ্জ ওমৰাহ বাৰে বাৰে কৰাটো হৈছে স্বচ্ছলতাৰ কাৰণ আৰু গুনাহ মোচন হোৱাৰ উপায়।
  • মুবাৰকপুৰীয়ে কৈছেঃ (ينفيان الفقر)ৰ অৰ্থ হৈছে, এই দুটা ইবাদতৰ দ্বাৰা দৰিদ্ৰতা দূৰ হয়। ইয়াৰ দ্বাৰা প্ৰকাশ্য অভাৱকো বুজাব পাৰে, যিটো সম্পদ লাভ হ'লে দূৰ হয়, অথবা ইয়াৰ দ্বাৰা আভ্যন্তৰীণ অভাৱো হ'ব পাৰে, যিটো আত্মিক সন্তুষ্টি লাভৰ ফলত দূৰ হয়।