ছালমান আল-ফাৰিছী ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত উল্লেখ কৰিছে যে, মুশ্বৰিকসকলে আমাক ঠাট্টা কৰি ক'লে যে, তোমালোকৰ নবীয়ে দেখোন তোমালোকক প্ৰতিটো বিষয়ে শিকায়, আনকি তোমালোকক শৌচ-প্ৰস্ৰাৱ কৰাৰ নীতি নিয়মো শিকায় যে, কিদৰে তোমালোকে প্ৰস্ৰাৱ কৰিবা আৰু কিদৰে প্ৰাকৃতিক প্ৰয়োজন পূৰণ কৰিবা। ছালমান ৰাদ্বিয়াল্লাহু আনহুৱে ক'লে: হয়, তেখেতে আমাক প্ৰাকৃতিক প্ৰয়োজনৰ নিয়ম-নীতিও শিকায়। যেনে- শৌচ কাৰ্য্য সম্পন্ন কৰি সোঁ হাতেৰে পৰিষ্কাৰ কৰিবলৈ নিষেধ কৰিছে, যাতে সোঁ হাত অপৱিত্ৰতাৰ পৰা সুৰক্ষিত থাকে আৰু ইয়াৰ মৰ্যাদা ৰক্ষা হয়। এইদৰে তেখেতে আমাক কিবলাৰ ফালে মুখ কৰি প্ৰস্ৰাৱ অথবা পায়খানা কৰিবলৈ নিষেধ কৰিছে। লগতে তেখেতে জীৱ-জন্তুৰ মল বা গোবৰ, হাড় আদিৰে ইস্তিঞ্জা কৰিবলৈ নিষেধ কৰিছে। এইদৰে লজ্জাস্থান পৰিষ্কাৰ কৰিবলৈ কমেও তিনিটা শিলগুটি ব্যৱহাৰ কৰিবলৈ কৈছে, তিনিটাতকৈ কম হ'লে যথেষ্ট নহয়।