উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া শৌচালয়ৰ পৰা ওলাইছিল তেতিয়া কৈছিলঃ "গুফৰানাকা"। (হে আল্লাহ! মই তোমাৰ ওচৰত ক্ষমা বিচাৰোঁ)। ছহীহ - (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ প্ৰয়োজন পূৰণ কৰি যেতিয়া শৌচালয়ৰ পৰা বাহিৰ হৈছিল, তেতিয়া তেখেতে কৈছিলঃ হে আল্লাহ! মই তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • শৌচালয়ৰ পৰা ওলোৱাৰ পিছত "গুফৰানাকা" বুলি কোৱাটো মুস্তাহাব।
  • নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সকলো অৱস্থাতে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছিল।
  • প্ৰস্ৰাৱ-পায়খানাৰ পৰা ওলাই আহি ক্ষমা প্ৰাৰ্থনা কৰাৰ এটা কাৰণ এই বুলি উল্লেখ কৰা হৈছে যে, মহান আল্লাহৰ বহুতো নিয়ামতৰ কৃতজ্ঞতা প্ৰকাশত আমাৰ দ্বাৰা অৱহেলা হয়, এইটোও এটা নিয়ামত যে, তেওঁ আমাৰ শৰীৰৰ এই ক্ষতিকৰ বস্তুবোৰ সহজে উলিয়াই দিলে, সেয়ে আমি তেওঁৰ মাগফিৰাত কামনা কৰোঁ যে, এই সময়ছোৱাত আমি তোমাক স্মৰণ কৰিব পৰা নাছিলোঁ।
explain-icon

অধিক