আলী বিন আবি তালিব -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বাওঁ হাতত ৰেচম আৰু সোঁ হাতত সোণ লৈ দুয়ো হাত ওপৰলৈ উঠাই ক'লেঃ "এই দুয়োটা বস্তু মোৰ উম্মতৰ পুৰুষসকলৰ বাবে হাৰাম আৰু নাৰীসকলৰ বাবে হালাল।" ছহীহ - رواه أبو داود والنسائي وابن ماجه
explain-icon

ব্যাখ্যা

হাদীছটোত বৰ্ণিত হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ ৰেচমৰ এটা কাপোৰ বা এটুকুৰা ৰেচমৰ বস্ত্ৰ বাওঁ হাতত লৈ, আৰু সোঁ হাতত সোণৰ এটা অলংকাৰ লৈ ঘোষণা কৰিলে যে, ৰেচম আৰু সোণ পুৰুষসকলে পৰিধান কৰা হাৰাম। আনহাতে নাৰীসকলৰ বাবে বৈধ।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • ছিন্ধিয়ে কৈছেঃ (হাদীছটোত হাৰাম শব্দ)ৰ দ্বাৰা পিন্ধাটো হাৰাম বুলি বুজোৱা হৈছে। আনহাতে ব্যৱসায় বাণিজ্য বা লেনদেন নাইবা আদান-প্ৰদান কৰাত কোনো অসুবিধা নাই, এইটো বৈধ। আনহাতে সোণেৰে নিৰ্মিত বাচন বৰ্তন ব্যৱহাৰ কৰাটো সকলোৰে বাবে হাৰাম।
  • নাৰীসকলৰ সৌন্দৰ্যৰ বাবে ইছলামী চৰীয়তে তেওঁলোকক প্ৰশস্ততা প্ৰদান কৰিছে।
explain-icon

অধিক